• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰু-ম’হৰ চৰণীয়া পথাৰলৈ পৰ্যবসিত বুঢ়াচাপৰিৰ গঁড় পুনঃসংস্থাপনৰ ব্যয়বহুল ব’মা

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
November 29, 2019 2:08 pm
IMG_20191129_110617_312

বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰিত্যক্ত গঁড়ৰ পুনঃসংস্থাপনৰ বাবে নিৰ্মাণ কৰা বহুমূলীয়া ব'মাটো। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া ধোঁৱাচাঙতহে যেন উঠিলে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ গঁড়ৰ পুনঃসংস্থাপন প্ৰকল্প। কেৱলমাত্ৰ ঘৰচীয়া গৰু-ম’হৰ চৰণীয়া পথাৰত পৰিণত হৈছে অভয়াৰণ্য খনত গঁড়ৰ পুনঃসংস্থাপনৰ বাবে নিৰ্মাণ কৰা বহুমূলীয়া ব’মা অৰ্থাৎ বিশেষ গড়ালটো।

সম্প্ৰতি বিকল হৈ পৰিছে সৌৰশক্তি সংযোগ ব্যৱস্থা, মামৰ ধৰি হালি পৰিছে চৌহদৰ খুটা, বেৰৰ বহু অংশত চিঙি আছে সৌৰশক্তি পৰিবাহী তাঁৰ, যাৰ বাবে এতিয়া নিতৌ শতাধিক গৰু-ম’হৰ একমাত্ৰ বিচৰণ থলীলৈ পৰ্যবেসিত হৈ পৰিছে এই মৰিশালী সদৃশ ব’মাটো।

উল্লেখযোগ্য যে, নগাঁও জিলাৰ নিকটৱৰ্ত্তী বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক ব’মাটোলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দুটাকৈ গঁড় আনি পুনঃসংস্থাপন কৰাৰ কেইমাহমানৰ পাছতেই অতি আশ্চৰ্যজনক ভাবে মৃত্যু হয় মাতৃ সহ পোৱালি গঁড়টোৰ।

ইয়াৰ পাছৰে পৰা ৰাজ্যৰ বিয়াগোম বন বিভাগৰ চুড়ান্ত হেমাহিৰ বাবে দিনক দিনে ব’মাটোৰ অৱস্থা বিধ্বস্তপ্ৰায় হোৱাৰ লগতে আজি পৰ্য্যন্ত অভয়াৰণ্য খনলৈ আন কোনো গঁড় দ্বিতীয় বাৰৰ বাবে পুনঃসংস্থাপন কৰাৰ চেষ্টা নকৰাত সম্প্ৰতি সম্পূৰ্ণৰূপে কোটি টকীয়া ব’মাটো তথা বৃহৎ আকাৰৰ বিশেষভাবে সংৰক্ষিত এলেকাটো পৰিত্যক্ত হৈ পৰিছে।

ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে এসময়ত সহস্ৰাধিক গঁড়ৰ অন্যতম বিচৰণ ভূমি হিচাপে প্ৰসিদ্ধ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আজিও গঁড়ৰ বাবে উপযুক্ত পৰিবেশ আছে বুলি বহু সময়ত বহুজনে বাৰংবাৰ দাবী কৰি আহিছে।

কিন্তু তাৰ পাছতো ৰাজ্যৰ বৰ্তমানৰ বনমন্ত্ৰী গৰাকীয়ে অভয়াৰণ্য খনত গঁড়ৰ পুনঃসংস্থাপনৰ সন্দৰ্ভত কৰা মন্তব্যই প্ৰকৃততে অভয়াৰণ্য খনৰ প্ৰতি যে মন্ত্ৰী গৰাকীৰ বিশেষ কোনো জ্ঞান তথা গুৰুত্ব নাই তাকে যেন উদঙাই দেখুৱাইছে।

শেহতীয়াকৈ অস্থায়ী শিবিৰ স্থাপনেৰে অভয়াৰণ্য খনলৈ কেৱল মাত্ৰ পৰ্যটক আগমনৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়া সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী গৰাকীয়ে গঁড় থকাৰ বাবে অভয়াৰণ্য খনত উপযুক্ত পৰিবেশ প্ৰস্তুত কৰাৰ পাছতহে গঁড়ৰ পুনঃসংস্থাপনৰ চিন্তাচৰ্চা কৰা হ’ব বুলি মন্তব্য কিৰিছিল।

প্ৰকৃততে দীৰ্ঘদিন ধৰি ব্যয়বহুল ব’মাটো পৰিত্যক্ত অৱস্থাতে থাকি অৱশেষত যে তাৰ অস্তিত্বয়েই নাইকিয়া হ’ব মন্ত্ৰীগৰাকীয়ে তাকেই যেন আওপকীয়াকৈ স্পষ্ট কৰি দিছে ৰাইজৰ আগত।

অৱশ্যে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ইমান এটা ব্যয়বহুল প্ৰকল্প আৰম্ভ কৰি মাত্ৰ দুটাকৈ গঁড় পুনঃসংস্থাপন কৰিয়েই ভাগৰ লগা বন বিভাগে তথা  চৰকাৰখনে কেতিয়া অভয়াৰণ্য খনলৈ গঁড়ৰ পুনঃসংস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ই পৰৱৰ্তী সময়ত অতিশয় লক্ষণীয় হ’ব।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd