• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

আৰক্ষী-স্থানীয় ৰাইজক জগৰীয়া বিধায়ক মৃণাল শইকীয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2023 5:33 pm
Rhino found dead
144
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এটা গঁড়ৰ মৰ্মান্তিক মৃত্যুৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাজিৰঙাৰ সমীপৱৰ্তী এখন ধাননি পথাৰত সোমবাৰে সন্ধিয়া উদ্ধাৰ হয় গঁড়টোৰ মৃতদেহ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টোৱে পথ হেৰুৱাই এইদৰে মৃত্যুক সাবটিবলগীয়া হৈছে।

প্ৰকাশিত খবৰ অনুসৰি সোমবাৰে সন্ধিয়া গোলাঘাট জিলাৰ পদুমনি অঞ্চলৰ সমীপৰ ধাননি পথাৰত স্থানীয় ৰাইজে মৃত গঁড়টো প্ৰত্যক্ষ কৰে। এই খবৰ পোৱাৰ লগে লগে বন বিষয়া আৰু পশু চিকিৎসকৰ এটা দল সেই স্থানত উপস্থিত হৈ গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰে।

কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাহিৰলৈ ওলাই অহা গঁড়টোৱে পথ হেৰুৱাই অঞ্চলটোত বিচৰণ কৰি ফুৰিছিল। গঁড়টোৰ এনে মুক্ত বিচৰণে পদুমনি অঞ্চলৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল।

বিগত দুদিন ধৰি অঞ্চলটোত বিচৰণ কৰি থকা গঁড়টোৱে বন বিষয়াসহ চাৰিজন লোকক আক্ৰমণ কৰে। ইফালে গঁড়টোক স্থানীয় লোকসকলেও খেদি খেদি আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত এগৰাকী বন বিষয়াই কয়, “যোৱা পাঁচ দিন ধৰি স্থানীয় লোকসকলে গঁড়টোক খেদি ফুৰা দেখা গৈছিল। সম্ভৱতঃ জন্তুটোৱে জিৰণি লোৱাত কষ্ট পোৱাৰ লগতে খাদ্যও খাব পৰা নাছিল।”

ইফালে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অত্যধিক ৰক্তক্ষৰণ আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ বাবে গঁড়টোৰ মৃত্যু হৈছে বুলি উল্লেখ কৰা হৈছে।

গঁড়টোৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি চৰ্চা আৰম্ভ হোৱাৰ পিছত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই গঁড়টোৰ মৃত্যুৰ বাবে স্থানীয় বাসিন্দা আৰু আৰক্ষী প্ৰশাসনক জগৰীয়া কৰিছে।

এক টুইটযোগে বিধায়কগৰাকীয়ে বন বিষয়াসকলে গঁড়টোক ৰাজহুৱা অত্যাচাৰৰ পৰা বচাবলৈ চেষ্টা কৰিছিল যদিও গোলাঘাট আৰক্ষীয়ে সহযোগ কৰা নাছিল বুলি অভিযোগ কৰিছে।

 

The stray #rhino is most probably dead and I hold the insensitive crowd nd Golaghat Administration solely responsible for it.Forest Officials tried to save it from public atrocities but ⁦@GolaghatPolice⁩ did not co-operate.I demand punitive action.⁦@himantabiswa⁩ sir pic.twitter.com/Lc4fODbCcK

— Mrinal Saikia (@Mrinal_MLA) February 6, 2023

ইতিমধ্যে অসম আৰক্ষীয়ে গঁড়টোৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ দিছে।

Recent News

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd