এখন আজৱ বিদ্যালয়৷পাচলি বিক্ৰেতাৰ ওচৰতো বাকী, গতিকে যোৱা এসপ্তাহ ধৰি মাত্ৰ চাউল আৰু হালধিৰেই পেট ভৰাইছে শিক্ষাৰ্থীয়ে, সেইটোৱেই দেশৰ এখন স্কুলৰ মধ্যাহ্ন ভোজনৰ খাদ্য তালিকা! আৰু ভোকৰ বাবেই ছাত্ৰ-ছাত্ৰীয়ে গোগ্ৰাসে খাইছে সেই খাদ্য৷
ছত্তীশগড়ৰ বিজাকুৰা গাঁৱৰ বিজাকুৰা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। স্থানীয় পেটেল পাৰা, বলৰামপুৰ আৰু ওচৰৰ কিছুমান গাঁৱৰ ৪৩ জন শিক্ষাৰ্থীয়ে ইয়াত অধ্যয়ন কৰে।
বিষয়টো পোহৰলৈ অহাত সৃষ্টি হৈছে বিতৰ্কৰ। মধ্যাহ্ন ভোজন ৰন্ধা দায়িত্বত থকা সকলৰ মতে, টকা বাকী থকাৰ বাবে পাচলি বিক্ৰেতাই পাচলি দিয়া বন্ধ কৰি দিছে। ৰান্ধনী সুখীয়া দেৱীয়ে কয়, “তেওঁলোকে যদি আমাক শাক-পাচলি নিদিয়ে, আমি কেনেকৈ ৰান্ধিব পাৰো। গতিকে কেতিয়াবা আমি দালি আৰু ভাত দিব লাগে, কেতিয়াবা কেৱল ভাত!” এই সমস্যা স্বীকাৰ কৰিছে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে। তেওঁৰ মতে, মধ্যাহ্ন ভোজন খণ্ডত আবণ্টিত ধনৰ উপলব্ধ নোহোৱাৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে। জিলা শিক্ষা বিষয়া দেৱেন্দ্ৰনাথ মিশ্ৰই তদন্তৰ আশ্বাস দিয়ে।
পৰিস্থিতিৰ বাবে চৰকাৰ আৰু বিদ্যালয় কৰ্তৃপক্ষৰ উদাসীনতাক জগৰীয়া কৰে বাসিন্দাসকলে। ছত্তীশগড়ৰ ৰাইজে অভিযোগ কৰে যে কেৱল এইখন এখন বিদ্যালয়তে নহয়, ৰাজ্যৰ বহু বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ পৰিস্থিতি এতিয়া এনেকুৱা। যদিও ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী লক্ষ্মী ৰাজৱাদে দাবী কৰিছে যে প্ৰতিখন বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক পুষ্টিকৰ খাদ্য যোগান ধৰিছে।
২০০২ চনৰ পৰা সমগ্ৰ দেশৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মধ্যাহ্ন ভোজন প্ৰৱৰ্তন কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়মুখী কৰি তোলা হয়, লগতে পুষ্টিৰ ব্যৱস্থাও কৰা হয়। নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে এসপ্তাহত কমেও এদিন মাছ বা মাংস আৰু দুদিন কণী দিব লাগে। দাইল, শাক-পাচলি দিয়াৰ ক্ষেত্ৰতো নিয়ম আছে। কিন্তু বহু ক্ষেত্ৰত চৰকাৰী নিয়ম কাগজত আবদ্ধ হৈ আছে, ঘটনাটোৱে আকৌ এবাৰ সেই কথা প্ৰমাণ কৰিলে৷