NORTHEAST NOW (Assamese)

৪২,৭০০ লোকক উপকৃত কৰাৰ লক্ষ্যৰে মৰিয়নিৰ সোণোৱাল চাহ বাগিছাত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন

January 11, 2021 8:40 pm · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

আজি সোমবাৰে মৰিয়নিৰ সোণোৱাল চাহ বাগিছাত এক গ্ৰেটাৰ পাইপ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়।

অসম চৰকাৰৰ জনস্বাস্থ্য, কাৰিকৰী, খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে আধাৰশিলা স্থাপন কৰা আঁচনিটো প্ৰায় ৩৭ কোটি ৬৬ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব।

সংবাদ মাধ্যমৰ আগত এই কথা মন্ত্ৰী গৰাকীয়ে নিজেই জানিবলৈ দিয়ে।

এই আঁচনিটোৰ দ্বাৰা মৰিয়নিৰ প্ৰায় ৬১৯৮ টা পৰিয়ালৰ ৪২,৭০০ লোক উপকৃত হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

আধাৰশিলা স্থাপনৰ এই অনুস্থানত মন্ত্ৰী ৰিহন দৈমাৰীৰ লগত মৰিয়নি সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী তথা কেইবাগৰাকী বিভাগীয় উচ্চপদস্থ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Related News