• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাড্ডাক উভতি ধৰিলে কংগ্ৰেছে : ‘ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ জে পি নাড্ডাৰ চুড়ান্ত মিথ্যাচাৰ ধিক্কাৰজনক’

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমলৈ আহি ঘোকাট মিছা কথা কোৱাটো অভ্যাসত পৰিণত হৈছে : কংগ্ৰেছ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 11, 2021 8:25 pm

2 min read

138029179_10158190758153983_7744739161405498854_o
1.2k
VIEWS
Share on FacebookShare on Twitter

শিলচৰত এখন দলীয় সভাত অংশগ্রহণ কৰি বিজেপি দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়াই অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলো বুলি কৰা মন্তব্যৰ পাছতে তেওঁক উভটি ধৰিছে প্ৰদেশ কংগ্ৰেছে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয় ‘এয়া যে নাড্ডাই চুড়ান্ত মিথ্যাচাৰৰ আশ্রয় ল’লে তাক প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তীব্র ধিক্কাৰ জনাইছো আৰু ই গোটেই জনগোষ্ঠীকেইটাৰ লগতে সমগ্র অসমবাসীৰ প্ৰতি এক অপমান বুলি গণ্য কৰিছোঁ।‘

‘নাড্ডা ডাঙৰীয়া শাসকীয় দলটোৰ ৰাষ্ট্রীয় সভাপতি, তেখেত কোনো যদু-মধু নহয়। গতিকে তেনে এজন ব্যক্তিৰ মুখত এনে মিথ্যাচাৰৰ অৰ্থই হৈছে তেওঁলোক একো একোজন গোকাট মিছলীয়া আৰু প্ৰতাৰক।‘ কোঁৱৰে লগতে কয়।

আচলতে প্ৰধানমন্ত্ৰীকে ধৰি বিজেপি কেন্দ্রীয় নেতৃত্বৰ অসমলৈ আহি মিছা কোৱা আৰু ভুৱা প্ৰতিশ্ৰুতি দিয়াটো এক অভ্যাসত পৰিণত হৈছে বুলি দাবী কৰি কোঁৱৰে লগতে কয় ‘জে পি নাড্ডা মাথো এইবাৰ নতুনকৈ সংযোজন হৈছে। পূর্বে প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই কৈছিল যে ক্ষমতালৈ আহিলে ১৬ মে’ৰ পিছত সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব। গৃহমন্ত্রী অমিত শ্বাহে কৈছিল যে দাঢ়ি-কমা নকটাকৈ অসম চুক্তিৰ ছয় নং দফাৰ পৰামর্শদাতা কমিটিৰ পৰামর্শসমূহ এসপ্তাহৰ ভিতৰতেই ৰুপায়ণ কৰিব।‘

‘ঠিক তেনেদৰে কেন্দ্রীয় পথ-পৰিবহন মন্ত্রী নীতিন গাডকাৰীয়ে ২০১৬ চনত ব্ৰহ্মপুত্ৰ খনন কৰি ইয়াৰ দুয়োপাৰে express highway নিৰ্মাণ কৰিবলৈ ১ লাখ কোটি টকা বিনিয়োগ কৰিব। লগতে যোৰহাট-মাজুলী সংযোগী দলঙৰ কথা আছেই। কিন্তু, এতিয়ালৈকে সকলো ফুটুকাৰ ফেন। বাস্তৱত এইসমূহ প্ৰতিশ্ৰুতি বৰ্তমানলৈকে চুড়ান্ত মিথ্যাচাৰ আৰু প্ৰতাৰণাৰ বাদে যে অন্য একো নহয় সেইয়া ইতিমধ্যেই প্ৰমাণ হৈছে।‘ কোঁৱৰে লগতে কয়।

ইমানৰ পাচতো বিজেপি দলৰ ৰাষ্ট্রীয় নেতা-মন্ত্রীয়ে নিৰ্লজ্জৰ দৰে নিৰ্বাচন অহাৰ লগে লগে অসমবাসীৰ সন্মুখত পুনৰ  চুড়ান্ত মিথ্যা ক’বলৈ এৰা নাই বুলি কোঁৱৰে বিজ্ঞপ্তিত উল্লেখ কৰে।

বিজেপি দলৰ ৰাষ্ট্রীয় নেতৃত্বক প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সোঁৱৰাই দি কোঁৱৰে কয় ‘ৰাজ্যখনৰ কেইজনমান বিজেপি দলৰ নেতা-মন্ত্রীয়ে আপোনালোকৰ সকলো মিথ্যাচাৰ আৰু প্ৰতাৰণা পদলেহনকাৰীৰ দৰে মানি ল’লে বুলিয়েই সমগ্র অসমবাসী ৰাইজ পদলেহনকাৰী নহয়। অনাগত দিনবোৰত অসমবাসী ৰাইজৰ আৱেগ, অনুভূতি আৰু স্বাভিমানক লৈ এনেদৰে মিছা কথাৰে চুড়ান্ত ভেঙুচালি নকৰিবলৈ প্ৰদেশ কংগ্ৰেছে কঠোৰভাৱে বিজেপি নেতা-মন্ত্রীসকলক সকীয়নি প্ৰদান কৰিছো।‘

তেওঁ আৰু কয় ‘লগতে এই সকলো ভুৱা প্ৰতিশ্ৰুতি ৰূপায়ণ কৰিব নোৱাৰাৰ বাবে আৰু আজিৰ মিথ্যাচাৰৰ বাবে বিজেপি দলৰ ৰাষ্ট্রীয় সভাপতি গৰাকীক অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ আহ্বান জনাইছো।‘

Recent News

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd