• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাড্ডাক উভতি ধৰিলে কংগ্ৰেছে : ‘ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ জে পি নাড্ডাৰ চুড়ান্ত মিথ্যাচাৰ ধিক্কাৰজনক’

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমলৈ আহি ঘোকাট মিছা কথা কোৱাটো অভ্যাসত পৰিণত হৈছে : কংগ্ৰেছ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 11, 2021 8:25 pm
138029179_10158190758153983_7744739161405498854_o
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰত এখন দলীয় সভাত অংশগ্রহণ কৰি বিজেপি দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়াই অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলো বুলি কৰা মন্তব্যৰ পাছতে তেওঁক উভটি ধৰিছে প্ৰদেশ কংগ্ৰেছে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয় ‘এয়া যে নাড্ডাই চুড়ান্ত মিথ্যাচাৰৰ আশ্রয় ল’লে তাক প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তীব্র ধিক্কাৰ জনাইছো আৰু ই গোটেই জনগোষ্ঠীকেইটাৰ লগতে সমগ্র অসমবাসীৰ প্ৰতি এক অপমান বুলি গণ্য কৰিছোঁ।‘

Apply Now

‘নাড্ডা ডাঙৰীয়া শাসকীয় দলটোৰ ৰাষ্ট্রীয় সভাপতি, তেখেত কোনো যদু-মধু নহয়। গতিকে তেনে এজন ব্যক্তিৰ মুখত এনে মিথ্যাচাৰৰ অৰ্থই হৈছে তেওঁলোক একো একোজন গোকাট মিছলীয়া আৰু প্ৰতাৰক।‘ কোঁৱৰে লগতে কয়।

আচলতে প্ৰধানমন্ত্ৰীকে ধৰি বিজেপি কেন্দ্রীয় নেতৃত্বৰ অসমলৈ আহি মিছা কোৱা আৰু ভুৱা প্ৰতিশ্ৰুতি দিয়াটো এক অভ্যাসত পৰিণত হৈছে বুলি দাবী কৰি কোঁৱৰে লগতে কয় ‘জে পি নাড্ডা মাথো এইবাৰ নতুনকৈ সংযোজন হৈছে। পূর্বে প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই কৈছিল যে ক্ষমতালৈ আহিলে ১৬ মে’ৰ পিছত সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব। গৃহমন্ত্রী অমিত শ্বাহে কৈছিল যে দাঢ়ি-কমা নকটাকৈ অসম চুক্তিৰ ছয় নং দফাৰ পৰামর্শদাতা কমিটিৰ পৰামর্শসমূহ এসপ্তাহৰ ভিতৰতেই ৰুপায়ণ কৰিব।‘

‘ঠিক তেনেদৰে কেন্দ্রীয় পথ-পৰিবহন মন্ত্রী নীতিন গাডকাৰীয়ে ২০১৬ চনত ব্ৰহ্মপুত্ৰ খনন কৰি ইয়াৰ দুয়োপাৰে express highway নিৰ্মাণ কৰিবলৈ ১ লাখ কোটি টকা বিনিয়োগ কৰিব। লগতে যোৰহাট-মাজুলী সংযোগী দলঙৰ কথা আছেই। কিন্তু, এতিয়ালৈকে সকলো ফুটুকাৰ ফেন। বাস্তৱত এইসমূহ প্ৰতিশ্ৰুতি বৰ্তমানলৈকে চুড়ান্ত মিথ্যাচাৰ আৰু প্ৰতাৰণাৰ বাদে যে অন্য একো নহয় সেইয়া ইতিমধ্যেই প্ৰমাণ হৈছে।‘ কোঁৱৰে লগতে কয়।

ইমানৰ পাচতো বিজেপি দলৰ ৰাষ্ট্রীয় নেতা-মন্ত্রীয়ে নিৰ্লজ্জৰ দৰে নিৰ্বাচন অহাৰ লগে লগে অসমবাসীৰ সন্মুখত পুনৰ  চুড়ান্ত মিথ্যা ক’বলৈ এৰা নাই বুলি কোঁৱৰে বিজ্ঞপ্তিত উল্লেখ কৰে।

বিজেপি দলৰ ৰাষ্ট্রীয় নেতৃত্বক প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সোঁৱৰাই দি কোঁৱৰে কয় ‘ৰাজ্যখনৰ কেইজনমান বিজেপি দলৰ নেতা-মন্ত্রীয়ে আপোনালোকৰ সকলো মিথ্যাচাৰ আৰু প্ৰতাৰণা পদলেহনকাৰীৰ দৰে মানি ল’লে বুলিয়েই সমগ্র অসমবাসী ৰাইজ পদলেহনকাৰী নহয়। অনাগত দিনবোৰত অসমবাসী ৰাইজৰ আৱেগ, অনুভূতি আৰু স্বাভিমানক লৈ এনেদৰে মিছা কথাৰে চুড়ান্ত ভেঙুচালি নকৰিবলৈ প্ৰদেশ কংগ্ৰেছে কঠোৰভাৱে বিজেপি নেতা-মন্ত্রীসকলক সকীয়নি প্ৰদান কৰিছো।‘

তেওঁ আৰু কয় ‘লগতে এই সকলো ভুৱা প্ৰতিশ্ৰুতি ৰূপায়ণ কৰিব নোৱাৰাৰ বাবে আৰু আজিৰ মিথ্যাচাৰৰ বাবে বিজেপি দলৰ ৰাষ্ট্রীয় সভাপতি গৰাকীক অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ আহ্বান জনাইছো।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd