NORTHEAST NOW (Assamese)

ৰিলায়েন্সৰ হাতলৈ ফিউচাৰ গ্ৰুপৰ ৰিটেইল বিজনেছ বিগ বাজাৰ আৰু FBB

August 30, 2020 7:55 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধীনৰ কোম্পানী ৰিলায়েন্স ৰিটেইল ভেন্সাৰ্ছ লিমিটেডে ফিউচাৰ গ্ৰুপৰ ৰিটেইল আৰু হোলচেল ব্যৱসায় আৰু লজিষ্টিকছ এণ্ড ৱেৰহাউছিং ব্যৱসায় নিজৰ হাতলৈ আনিছে।

শনিবাৰে কোম্পানীটোৱে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিত এই কথা জানিব দিছে।

ইয়াৰ দ্বাৰা ৰিলায়েন্স গ্ৰুপে এতিয়া দেশৰ ৪২০ খন চহৰত সিচৰতি হৈ থকা বিগ বাজাৰ, ইজিডে’ আৰু FBBৰ ১৮০০তকৈয়ো অধিক ষ্ট’ৰ নিজৰ হাতলৈ আনিব।

কোম্পানী দুটাৰ মাজত এই চুক্তি ২৪৭১৩ কোটি টকাত সম্পন্ন হৈছে।

এতিয়াৰে পৰা ফিউচাৰ গ্ৰুপৰ খুচুৰা আৰু পাইকাৰী ব্যৱসায় ৰিলায়েন্স ৰিটেইল এণ্ড ফেশ্বন লাইফষ্টাইল লিমিটেডৰ অধীনলৈ আহিব।

ৰিলায়েন্স ৰিটেইল এণ্ড ফেশ্বন লাইফষ্টাইলৰ সৈতে বিলীন হোৱাৰ পাছত ফিউচাৰ এন্টাৰপ্ৰাইজেছ লিমিটেডত বিনিয়োগো কৰিব।

কোম্পানীটোৱে ১২০০কোটি প্ৰেফৰেন্সিয়েল ইচ্ছ্যুৰ জৰিয়তে ববিনিয়োগ কৰিব আৰু ফিউচাৰ এন্টাৰপ্ৰাইজেছ লিমিটেডত ৬.০৯শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিব।

চুক্তি সম্পন্ন হোৱাৰ পাছত ৰিলায়েন্স ৰিটেইলৰ ডাইৰেক্টৰ ইশা আম্বানিয়ে কয় যে কোম্পানীটোৱে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৈতে সক্ৰিয় সহযোগেৰে তেওঁলোকৰ একক মডেলৰ সৈতে ৰিটেইল ইণ্ডাষ্ট্ৰীৰ বিকাশৰ গতি অব্যাহত ৰখাৰ আশা কৰিছে।

চুক্তিৰ জৰিয়তে ৰিটেইল আৰু হোলচেল খণ্ডটো ৰিলায়েন্স ৰিটেইল এণ্ড ফেশ্বন লাইফষ্টাইল লিমিটেডলৈ স্থানান্তৰিত কৰা হ’ব। এইটো ৰিলায়েন্স ৰিটেইল ভেন্সাৰ্ছ লিমিটেডৰ সম্পূৰ্ণ নিজা সহযোগী কোম্পানী।

সেইদৰে লজিষ্টিক আৰু ৱেৰহাউছিং খণ্ড ৰিলায়েন্স ৰিটেইল ভেন্সাৰ্ছ লিমিটেডেলৈ বদলি কৰা হৈছে।

Related News