টৰন্ট’ ফিল্ম ফেষ্টিভেলৰ এম্বেছাদৰ হ’ল ৰীমা দাস

assamese-wikipedia-rima-das-750x375

চলচ্চিত্র পৰিচালক ৰীমা দাস। ফাইল ফটো

অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে আগন্তুক টৰণ্ট’ চলচ্চিত্ৰ মহোৎসৱৰ এম্বেছাদৰ হিচাপে নিৰ্বাচিত হৈছে।

টি আই এফ এফে ২০১৭ চনৰ পৰা নতুনকৈ চলচ্চিত্ৰৰ ক্ষেত্ৰখনত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু সুযোগ প্ৰদান কৰাৰ বাবে পাঁচ বছৰীয়া আঁচনি গ্ৰহণ কৰিছে।

টৰণ্ট’ চলচ্চিত্ৰ মহোৎসৱৰ সহযোগী প্ৰধান তথা কলা নিৰ্দেশক কেমেৰণ বেইলীয়ে সংবাদ মাধ্যমৰ আগত ৰীমা দাসৰ দৰে এজন পৰিচালকক মহোৎসৱখনিৰ এম্বেছাদৰ হিচাপে নিযুক্ত কৰিব পাই আনন্দিত বুলি উল্লেখ কৰে। ৰীমা দাসে তেওঁৰ কাম আৰু একাগ্ৰতাৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণৰ জগতখনত সুখ্যাতি অৰ্জন কৰিছে গতিকে চলচ্চিত্ৰ উদ্যোগত লিংগ বৈষম্য হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰীমাক নিৰ্বাচন কৰাটো এক উত্তম পছন্দ বুলিও বেইলীয়ে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, অসমৰ পৰিচালকগৰাকীৰ দ্বাৰা নিৰ্মিত অসমীয়া ছবি ‘ভিলেজ ৰকষ্টাৰে’ ২০১৯ চনত ভাৰতৰ পৰা অক্সাৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছিল। তদুপৰি, আন এখন চলচ্চিত্ৰ ‘বুলবুল ক্যান চিং’ য়ে আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিছিল।

আনহাতে, এম্বেছাদৰ হিচাপে নিৰ্বাচিত হোৱা খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকী। টৰণ্ট’ চলচ্চিত্ৰ মহোৎসৱৰ এম্বেছাদৰ হ’ব পৰাটো এক ডাঙৰ প্ৰাপ্তি আৰু মই চলচ্চিত্ৰৰ ক্ষেত্ৰখনত লিংগ বৈষম্য হ্ৰাস কৰি সমতাৰ বাবে কাম কৰাৰ সুযোগ লাভ কৰিম বুলি মন্তব্য কৰে ৰীমা দাসে।