চিনেমা বাৰ্তা: এভ্ৰিথিং, এভ্ৰিহুৱেৰ অল এট ওৱাঞ্চ

everything everywhere all at once

এভ্ৰিথিং, এভ্ৰিহুৱেৰ অল এট ওৱাঞ্চ- চিনেৰসিক সকলৰ বাবে এই চিনেমাখনৰ নামেই পৰিচয় বহন কৰে। ২০২২ বৰ্ষৰ ১১ মাৰ্চত মুক্তিপ্ৰাপ্ত এই ছবিখন গত বৰ্ষৰ পৰা বৰ্তমানলৈকে সমগ্ৰ বিশ্বতেই সৰ্বাধিক চৰ্চিত এখন ছবি। গত ১২ মাৰ্চ তাৰিখে অনুষ্ঠিত হৈ যোৱা ৯৫ সংখ্যক একাডেমী বঁ‌টা প্ৰতিযোগিতালৈ সৰ্বাধিক ১১ টি শিতানত মনোনীত হোৱা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ডেনিয়েল কুৱান আৰু ডেনিয়েল চেইনাৰ্টৰ(দুয়োকে সমন্বিতে “ডেনিয়েলছ্” বুলি জনা যায়)। দুটিকৈ গ’ল্ডেন গ্ল’ব বঁ‌টা, বাফটাত এটা, ছাগা-ত চাৰিটাকে আদি কৰি ইতিমধ্যেই যথেষ্ট সংখ্যক বঁ‌টা-বাহন বুটলাৰ লগতেই শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ পৰিচালককে আদি কৰি ১১ টিকৈ অস্কাৰ বঁ‌টাৰ মনোনয়ন।

আৰু এই ছবিখনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ সহ অভিনেতা, শ্ৰেষ্ঠ পৰিচালককে আদি কৰি মুঠ ৭ টিকৈ অস্কাৰ বুটলিবলৈ সক্ষম হ’ল। ইংৰাজী, মাণ্ডাৰিণ আৰু কেন্ট’নীজ ভাষাত নিৰ্মিত এই ছবিখনৰ ধাৰা সুকীয়া। উদ্ভট(এবচাৰ্ড)চাই-ফিক, অধিবাস্তৱ, শূন্যবাদ, আদি মনস্তাত্ত্বিক বিষয়ক সামৰি এখন উদ্ভটধৰণে ভিন্ন চিনেমা-এভ্ৰিথিঙ, এভ্ৰিহুৱেৰ অল এট ওৱাঞ্চ। ছবিখন বৰ্তমান এমেজন প্ৰাইমত উপলব্ধ।

চিনেমাৰ আৰম্ভণি হয়- আইনাত এটি হাঁহিমুখীয়া পৰিয়ালৰ প্ৰতিবিম্ব(মিৰ’ৰ ৰিফ্লেক্সন শ্বট)ৰে। তাৰ ঠিক সামান্য পিছতেই ৱাছিং মেছিনৰ ভিতৰত কাপোৰবোৰ এক নিস্তৰংগ গতিত(বুলেট টাইম শ্বট)ত ঘূৰি থকাৰ দৃশ্যাংশ। এই দুটি দৃশ্যাংশই সমগ্ৰ ছবিখনৰ বিষয়বস্তুকেই প্ৰতীকীৰূপত প্ৰতিফলিত কৰে। আৰম্ভণিতে সহজ গতিত চলা কাহিনীয়ে “এভ্ৰিথিং, খণ্ড-১” ৰ পৰা যি তড়িৎ গতি লয়, আৰু এই গতিৰ সমান্তৰালকৈ যি ঘটনাবহুলতা- চিনেমাখনৰ বিষয়ে সম্যক ধাৰণা নোহোৱাকৈ চাবলৈ বহা দৰ্শকৰ মগজুত পাক লগাই ধৰাৰ দৰে হ’ব। আৰম্ভণিতেই ছবিখনৰ উল্লেখনীয় দিশটো হৈছে পাউল ৰ’জাৰৰ নিখুঁত সম্পাদনা।

এভ্ৰিথিং, খণ্ড-১ ত কাহিনী আৰু চৰিত্ৰৰ লগতেই পৰিস্থিতিৰ মূহুৰ্তে মূহুৰ্তে বাস্তৱৰ পৰা অবাস্তৱ আৰু অবাস্তৱৰ পৰা বাস্তৱলৈ সলোৱা গতিয়ে দৰ্শকৰ মগজুত এক চক্ৰবৎ প্ৰক্ৰিয়াত ঘূৰাই থাকিব। পৰিচালক, কাহিনীকাৰ এইখিনিতে সফল। মূখ্য নাৰী চৰিত্ৰ এভিলীন(মিচেল য়েঅ’হ)ৰ ভিন ভিন ব্যক্তিত্বৰে কৰা বাৰম্বাৰ আত্নপ্ৰকাশ, মূখ্য পুৰুষ চৰিত্ৰ ৱেমণ্ড(কে হুই কুৱান)ৰ অতিলৌকিক অ-বৈজ্ঞানিক বৈজ্ঞানিক অৱতাৰৰ লগত সংযুক্ত হ’বলৈ দৰ্শকক কিছু সময়ৰ লগতেই মানসিক প্ৰস্তুতিৰো প্ৰয়োজন হ’ব। ছবিখন সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ নকৰিলে, ইয়াৰ অন্তৰালৰ গভীৰ বিষয়বস্তুক অনুধাৱন কৰিবলৈ নোৱাৰিব দৰ্শকে। সেয়ে এইখন ছবি সকলোৰে বাবে উপভোগ্য নহ’বও পাৰে।

আমেৰিকাবাসী এটি চীনা মূলৰ পৰিয়ালৰ চৰিত্ৰকেইটিৰ প্ৰত্যেকৰে নিৰাশা, তীব্ৰ হতাশাৰ পৰা শূন্যবাদ, নিজ অস্তিত্বৰ কাৰণ আৰু নিৰাপত্তাহীনতা, জীৱন দৰ্শন, স্মৃতিভ্ৰূংশতা এই সকলোবোৰৰ প্ৰতিফলনেৰে কাহিনীভাগক এনে এক সাৱলীল গতিত টানি লৈ যায় যে, ক্ৰমশঃ ছবিখনৰ পৰা এপলকৰ বাবেও চকু তুলিবলৈ নোৱাৰাবিধৰ হৈ পৰে। এইক্ষেত্ৰত, কাহিনী আৰু চিত্ৰনাট্যকাৰৰ অতি বুদ্ধিদ্বীপ্ত, অধ্যয়নপুষ্ট আৰু সূক্ষ্ম দৃষ্টিভংগীসম্পন্নতাৰ এই ফচল ভূয়সী প্ৰশংসাৰ পাত্ৰ। মাজে মাজে মৃদু হাস্যৰসৰ পৰা উচ্চহাস্য কৰিব লগাবিধৰ হাস্যৰসৰ প্ৰয়োগ ভাল লগা। ভাৱগধুৰতাৰ পৰা হাস্যৰসলৈ কৰা তাৎক্ষণিক গতি স্বতঃস্ফূৰ্ত। যদিওবা উদ্ভট, মনোৰঞ্জনৰ খোৰাকৰ অভাৱ নাই।

চন লাক্সৰ আৱহ-সংগীতৰ ব্যৱহাৰ প্ৰয়োগ পৰিস্থিতি সাপেক্ষ। আলোকশিল্পকাৰ লাৰ্কিন চেইপলৰ কাম উন্নত মানদণ্ডৰ। আৰু লগতেই সমগ্ৰ চিনেমাখনজুৰি থকা প্ৰায় ৫০০ মান ভিজুৱেল ইফেক্টছ দৃশ্যৰ অনবদ্য কাম কৰিছে জেক ষ্টলজৰ লগত আৰু মাত্ৰ পাঁ‌চজনে। সমৰ কলাৰ নিৰ্দেশনা সুন্দৰ। দ্বিতীয় খণ্ড “এভ্ৰিহুৱেৰ”ৰ শেষলৈ এখন পৰিয়ালকেন্দ্ৰিক ছবি যেনো লাগিব। যুদ্ধ, হিংসা চলি থকাৰ মাজত শুষ্ক মৰুৰ মাজত দুটি শিলৰ কথনক প্ৰতীকীৰূপত দৰ্শাই মৃদু হাস্যৰসৰ মাজেৰে প্ৰেমৰ বাৰ্তা দিয়া দৃশ্যাংশ এটি খুব ভাল লগা অংশ ছবিখনৰ।

অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব মূখ্য নাৰী চৰিত্ৰত অভিনয় কৰা মিচেল য়েঅ’হ(শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ বঁ‌টাপ্ৰাপ্ত)ৰ অনন্য অভিনয়ৰ কথা। লগতেই কে হুই কুৱান(ৱেইমণ্ড)আৰু আনকেইটি চৰিত্ৰৰ অভিনয়ো সম্পূৰ্ণ স্বাভাৱিক। উৎকণ্ঠাময় শেষাৰ্ধৰ পিছত অন্তিম খণ্ড-অল এট ওৱাঞ্চত সকলো সঠিক যেন লাগোতেই, এক বৃহৎ বিস্ফোৰণেৰে ছবিৰ অন্ত। মুঠতে এই ছবিখন নাচালে এক সম্পূৰ্ণ সুকীয়া স্বাদ পোৱাৰ পৰা বঞ্চিত হ’ব বুলিব পাৰি।

(লেখকৰ মেইল- rimli.borkotoky1985@gmail.com)