• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সময়ৰ শৰ সময়ত! নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত বিঘাই বিঘাই মাটি কিনিলে ৰিণিকী ভূঞা শৰ্মাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 31, 2024 6:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৈধ-অবৈধভাবে মাটি ক্ৰয় কৰাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মৰমৰ পত্নী তথা বহু কোম্পানীৰ মালিক ৰিণিকী ভূঞা শৰ্মাই। ৰিণিকী ভূঞা শৰ্মাই মাটি ক্ৰয় কৰি মাটি ক্ৰয় কৰা মহিলা হিচাপে সমাজত যিদৰে নিজৰ নাম খোদিত কৰিছে সেই স্থান লাভ কৰাতো আন মহিলাৰ বাবে যেন সম্ভৱ নহয়। কিয়নো মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা হৈছে অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগী মহিলা। শক্তিশালী উদ্যোগী মহিলা হোৱাৰ বাবেই যেন খেতিয়কৰ বাবে অহা ১০ কোটি টকাৰ চাবচিটিও লাভ কৰে উদ্যোগতি মহিলাগৰাকীয়ে।

এইবাৰ বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীত মাটি ক্ৰয় কৰি পুনৰ উজ্বলি উঠিছে ৰিণিকী ভূঞা শৰ্মা। যি মাজুলীত প্ৰতি বছৰে বানপানীৰ বাবে শ শ দৰিদ্ৰ লোকে ঘৰ-মাটি হেৰুৱাই, যি মাজুলীত দৰিদ্ৰ খেতিয়কে ঘৰ-মাটি হেৰুৱাই চৰকাৰ ক্ষতিপুৰণৰ নামত কেৱল লাভ কৰে কেৱল প্ৰতিশ্ৰুতি; সেই সময়ত মাজুলীত ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ পুত্ৰই ক্ৰয় কৰিছে প্ৰায় ১৯ বিঘা মাটি।

বিজেপি চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ কথা চিন্তা কৰি বিধান সভাত গৃহীত কৰিছে অসম ভূমি আৰু ৰাজহ অধিনিয়ম (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৪। এই অধিনিয়ম অনুসৰি অসমৰ ঐতিহাসিক প্রত্নতাত্বিক স্থানসমূহৰ সমীপৱৰ্তী সংৰক্ষিত অঞ্চলত বাহিৰা লোকে মাটি ক্ৰয় কৰিব নোৱাৰে। এই ঐতিহাসিক স্থানসমূহৰ ৫ কিলোমিটাৰ ব্যাসার্ধত মাটি সেই সকল লোকে হে ক্ৰয় কৰিব পাৰিব যি সকল লোকৰ তিনিটা প্রজন্মই সেই ঠাইত বাস কৰি আহিছে।

উল্লেখ্য যে বিধান সভাত প্ৰথমে নিৰ্ধাৰণ কৰা হৈছিল যে মাজুলীত প্ৰযোজ্য নহ’ব এই অধিনিয়ম । মাজুলীক এই অধিনিয়মৰ আওতাৰ পৰা নিলগাই ৰাখিছিল অসম চৰকাৰে।

কিন্তু পৰৱৰ্তী সময়ত ঠিৰাং কৰা গ’ল যে মাজুলীতো এই অধিনিয়ম প্ৰযোজ্য কৰা হ’ব। মাজুলী সংযোগী দলং হোৱাৰ পিছত যাতে বহিৰাগত লোকে মাজুলীত মাটি-বাৰী কিনি, ব্যৱসায়িক প্ৰতিষ্ঠান খুলি মাজুলীৰ আধ্যাত্মিক পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে অহা ১ নবেম্বৰৰ পৰা মাজুলীতো ভূমি ক্ৰয়ৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ নীতি আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে।

কিন্তু ১ নবেম্বৰৰ আগতেই মাজুলীত মাটি কিনি ল’লে ৰিণিকি ভূঞা শৰ্মাই। তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ মালিকাধীন এক্কা ইষ্টেটছ এল এল পিৰ নামত মাজুলীত ক্রয় কৰা হৈছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা মাটি।

মুঠ দুটা পৰ্যায়ত এই মাটিখিনি ক্ৰয় কৰে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী-পুত্ৰই। প্ৰথম পৰ্যায়ত অৰ্থাৎ ২০২২ চনৰ ১৮ মে‘ত মাজুলী ৰাজহ চক্রৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত উক্ত গাঁৱৰে বাসিন্দা সুনীল নেওগ, ভবানন্দ নেওগ, ৰবীন নেওগ, মহেন্দ্র নেওগ, মিনাক্ষী নেওগ, প্রফুল্লী নেওগ, সৰোজ নেওগ, দিলীপ নেওগ আৰু সবিতা নেওগৰ পৰা ক্রয় কৰিছে এই ভূমিখিনি। ধৰিত্ৰী এপত পোৱা তথ্য অনুসৰি এই মাটিখিনিৰ দাগ নং ১৪৯৭ আৰু পট্টা নং ১৪২২।

দ্বিতীয় পর্যায়ত অৰ্থাৎ ২০২৩ চনৰ ১ জুনত একেখন গাঁৱৰে নাৰায়ণ পাচনীৰ পৰা মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰই ক্ৰয় কৰিছে ১ বিঘা ১৬ লেচা মাটি। ধৰিত্ৰী এপ অনুসৰি মাটিখিনিৰ দাগ নং ১০২৫ আৰু পট্টা নং ২৯৪।

এনেকৈ মাজুলী ৰাজহ চক্ৰৰ অন্তর্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভুঞা শৰ্মাই এক্কা ইস্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি। উল্লেখ্য যে মাজুলীত ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি

উল্লেখ্য যে এক্কা ইষ্টেটছ এলএলপিত ৰিণিকী ভূঞাৰ লগত অংশীদাৰিত্ব আছে পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ। ২০২০ চনৰ ২৫ ডিচেম্বৰ তাৰিখে গঠন কৰা হৈছিল এই কোম্পানীটো। কোম্পানীটোৰ ৱেবচাইটত(https://www.zaubacorp.com/company/EKAA-ESTATES-LLP/AAV-2485#google_vignette) পোৱা তথ্য অনুসৰি শ্বিলঙত পঞ্জীয়নকৃত এইটো এটা নিৰ্মাণকাৰী কোম্পানী।

এতিয়া প্ৰশ্ন হৈছে কিয় অসম ভূমি আৰু ৰাজহ অধিনিয়মত প্ৰথম অৱস্থাত ভূমি ক্ৰয়ৰ নিষেধাজ্ঞাৰ পৰা মাজুলী জিলাখনক আঁতৰত ৰখা হৈছিল। লগতে প্ৰশ্ন উত্থাপন হৈছে যে ৰিণিকী ভূঞা শৰ্মাই মাটি কিনিবলৈকে মাজুলীক আঁতৰাই ৰখা হৈছিল নেকি এই অধিনিয়মৰ আওঁতাৰ পৰা? লগতে অভিযোগ উত্থাপন হৈছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই সম্পত্তিৰ পৰিমাণ বাঢ়িছে পৰিয়ালটোৰ। লগতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৰিণিকী ভূঞা শৰ্মাই মুঠ ১২৫ বিঘা মাটি ক্ৰয় কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd