• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰাডোনা হৈ পৰিল মেডোনা! টুইটাৰত RIP Madonna ট্রেন্ডিং দেখি হতভম্ব পপষ্টাৰগৰাকী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2020 12:17 pm
MADONNA

পপষ্টাৰ মেডোনা।

438
VIEWS
Share on FacebookShare on Twitter

বিশ্ব ফুটবলক শোকস্তব্ধ কৰি মাত্ৰ ৬০বছৰ বয়সতে জীৱন পৰিক্ৰমা সামৰিলে ফুটবলৰ ৰাজপুত্ৰ ডিয়েগ’ মাৰাডোনাই। ক্ৰীড়াপ্ৰেমীৰ মাজতেই নহয়, সাধাৰণ জনতাৰো মন জয় কৰি অহা মাৰাডোনাৰ অকাল বিয়োগে এক গভীৰ শূন্যতাৰ সৃষ্টি কৰে।

স্বাভাৱিকতে বিশ্বৰ সকলো শ্ৰেণীৰ লোকে মহাতাৰকাগৰাকীৰ প্ৰস্থানত শোক প্ৰকাশ কৰি বাৰ্তা দিছে।

ইয়াৰ মাজতে  আন এক ঘটনাই ছচিয়েল মিডিয়াত উত্তাপ সৃষ্টি কৰে। মাৰাডোনাৰ মৃত্যুৰ পাছতেই ছচিয়েল মিডিয়াত দেখা যায় Rip Madonna! যিটোৱে মুহূৰ্ততে এক বিভ্ৰান্তি বিয়পায়।

অৱশ্যে, ইয়াৰ বাবে নেটিজেনসকলৰ জ্ঞান-বুদ্ধিয়েই জগৰীয়া। কিয়নো পপষ্টাৰ গৰাকী দস্তুৰমত সোঁশৰীৰে সুস্থ হৈয়েই আছে।

দৰাচলতে মাৰাডোনাৰ মৃত্যুৰ পাছত ছচিয়েল মিডিয়াত খৱৰটো ধুমুহাৰ গতিৰে বিয়পি পৰে। কিন্তু ইয়াৰ মাজতে একাংশ লোকে ভাৱিলে যে ৬২বছৰীয়া পপষ্টাৰ মেডোনাৰ মৃত্যু হৈছে। সেয়েহে, টুইটাৰত মেডোনালৈ শ্ৰদ্ধাঞ্জলিৰে ভৰি পৰে।

https://twitter.com/SugarDaada/status/1331638865015160832

কিছু সময়ৰ পাছতেই টুইটাৰত ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াই বহুতেই ভুলটো বুজিব পাৰে। তাৰপাছত বিষয়টোক লৈ কৌতুকৰ সৃষ্টি হয়। সংবাদ মাধ্যমতো প্ৰকাশ পায় যে বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী পপষ্টাৰগৰাকী এতিয়াও জীৱিত।

উল্লেখ্য যে কৰ’নাৰ সংকটৰ মাজতে যোৱা মে’ মাহত মেডোনাই তেওঁৰ শৰীৰত কৰ’না ভাইৰাছৰ এন্টিবডী আছে বুলি এক আজৱ দাবী কৰি বাতৰিৰ শিৰোণাম দখল কৰিছিল। বিষয়টোৱে বিতৰ্কৰ সৃষ্টি কৰিছিল।

অলপতে মেডোনাই ঘোষণা কৰিছিল যে তেওঁ নিজৰ বায়’পিক নিজেই নিৰ্মাণ কৰিব। তদুপৰি, ৬২বছৰীয়া মেডোনাৰ ২৫বছৰীয়া যুৱক উইলিয়ামছৰ সৈতে প্ৰেমকলৈয়ো সৰস চৰ্চা চলিছিল।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd