ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে টী-২০’ত এম এছ ধোনীৰ অভিলেখ অতিক্ৰম কৰাৰ লক্ষ্য ঋষভ পন্টৰ

Indiacricket_

ধোনীৰ সৈতে ঋষভ পন্ট

টী-২০’ত ভাৰতৰ প্ৰথম পছন্দ ঋষভ পন্টে আগন্তুক তিনিখন মেচৰ চিৰিজটোত ভাৰত-ৱেষ্টইণ্ডিজৰ মাজৰ টী-২০’ত সৰ্বাধিক আউট কৰা উইকেটকীপাৰৰ তালিকাত এম এছ ধোনীক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

শুকুৰবাৰে হায়দৰাবাদত ভাৰতে ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। বাংলাদেশৰ বিৰুদ্ধে টেষ্ট চিৰিজত ভাৰতে ক্লীন ছুইফট কৰিবলৈ সক্ষম হয়।

ভাৰত-ৱেষ্টইণ্ডিজৰ মাজৰ টী-২০’ত ঋষভ পন্টে বৰ্তমান ৭খন মেচৰ পৰা ৩টা ষ্টাম্পিং কৰিছে। আনহাতে, এম এছ ধোনীয়ে ৭খনৰ মেচৰ পৰা ৫টা আউটেৰে তালিকাৰ শীৰ্ষত আছে।

ৱেষ্টইণ্ডিজৰ প্ৰাক্তন উইকেটকীপাৰ দীনেশ ৰামদিনে ৫টা আউটেৰে তালিকাত দ্বিতীয় তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে দলটোৰ উইকেটকীপাৰ বেটছমেন এণ্ড্ৰে ফ্লেচাৰে ৪টা আউটেৰে তৃতীয় স্থানত আছে।

এই তালিকাত ৩টা ষ্টাম্পিঙেৰে চতুৰ্থ স্থানত আছে ভাৰতীয় ক্ৰিকেটাৰ দীনেশ কাৰ্তিক।

ধোনীয়ে ভাৰত-ৱেষ্টইণ্ডিজৰ মাজৰ টী-২০’ত সৰ্বাধিক আউট কৰাৰ অভিলেখ গঢ়িলেও আগন্তুক চিৰিজটোত ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱা নাই।

ভাৰত-ৱেষ্টইণ্ডিজৰ চিৰিজটোত ধোনীৰ অভিলেখ ভংগৰ সুযোগ পোৱা পন্টে সীমিত অভাৰৰ ক্ৰিকেটত জটিল সময়ৰ মাজেৰে আগবাঢিছে।

বেটিং, উইকেট কিপিং বা ৰিভিউৰ ক্ষেত্ৰ পন্টৰ ভূমিকাক বহুতেই সমালোচনা কৰিছে। বাংলাদেশৰ বিৰুদ্ধে শেহতীয়া টী-২০মেচত প্ৰথমখন মেচত পৰাজিত হোৱাৰ পাছত পন্ট বিশেষভাৱে সমালোচিত হৈছিল।

ভাৰত-ৱেষ্টইণ্ডিজৰ মাজৰ টী-২০’ত সৰ্বাধিক আউট কৰা উইকেটকীপাৰৰ তালিকা:

এম এছ ধোনী-৭খনত ৫টা আউট, কেচ-৩টা, ষ্টাম্পিং-২টা

দীনেশ ৰামদিন- ৭খন মেচত ৫টা আউট, কেচ ৫টা, ষ্টাম্পিং-০

এণ্ড্ৰে ফ্লেচাৰ-৪খনত মেচত ৩টা আউট, কেচ ৩টা, ষ্টাম্পিং-০

দীনেশ কাৰ্তিক-৪খন মেচত ৩টা আউট, ষ্টাম্পিং-০

ঋষভ পন্ট-৭খন মেচত ৩টা আউট, ৩টা কেচ,ষ্টাম্পিং-০