Ranji Trophy 2024: ৰঞ্জীতো ছয়ৰ ধুমুহা, মাত্ৰ ২৬টা বলত অৰ্ধশতকেৰে অসমক ধৰি ৰাখিলে ৰিয়ান পৰাগে

ছত্তীশগড়ে প্ৰথম ইনিংছত ইমান বৃহৎ ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। ৰায়পুৰত অসমৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ খেলখনত টছত পৰাস্ত হৈ ছত্তীশগড়ে প্ৰথমে বেটিং কৰে। প্ৰথম ইনিংছত ৩২৭ ৰান কৰি অল আউট হয় দলটো। অৱশ্যে বেটিং কৰিবলৈ নামি বিপৰ্যয়ৰ সন্মুখীন হয় অসম। ফলত ইমান কম ৰান অনুসৰণ কৰিবলৈ নমাৰ পিছতো ফ’ল’-অন কৰিবলগীয়া হয় ৰিয়ান পৰাগৰ দলটো।

ছত্তীশগড়ৰ হৈ অধিনায়ক অমনদীপ খাড়ে প্ৰথম ইনিংছত শতক অৰ্জন কৰে। তেওঁ ১২টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ২১৮টা বলত ১১৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও শশাংক সিঙে ৯টা চাৰি আৰু ১ টা ছয়ৰ সহায়ত ১০৭টা বলত ৮২ ৰান সংগ্ৰহ কৰে। আশুতোষ সিঙে ১০টা বাউণ্ডেৰীৰ সহায়ত ১৫২টা বলত ৫৮ ৰান সংগ্ৰহ কৰে।

অসমৰ হৈ মুখতাৰ হোছেইন, মৃন্ময় দত্ত, আকাশ সেনগুপ্ত, ৰাহুল সিং আৰু কুনাল শৰ্মাই ২টাকৈ উইকেট দখল কৰে।

লগতে পঢ়কঃ অৱহেলাৰ প্ৰত্যুত্তৰ! ডাবল চেঞ্চুৰীৰে ডন ব্ৰেডমেনৰ অতুলনীয় অভিলেখৰ পিনে ধাৱমান পূজাৰা

অসমৰ প্ৰথম ইনিংছ মাত্ৰ ১৫৯ ৰানত অল আউট হৈছিল। দীনেশ দাসৰ বাহিৰে অসমৰ আন কোনো বেটছমেনে বিশেষ প্ৰতিৰোধ কৰিব নোৱাৰিলে। ৯টা বাউণ্ডেৰীৰ সহায়ত ১০৮টা বলত দলৰ সৰ্বোচ্চ ৫২ ৰান সংগ্ৰহ কৰি দীনেশ আউট হৈ যায়। প্ৰথম ইনিংছত ১টা বাউণ্ডেৰীৰে ২৯টা বলত ৮ ৰান কৰি আউট হয় ৰিয়ান পৰাগ।

ছত্তীশগড়ৰ সৌৰভ মজুমদাৰে প্ৰথম ইনিংছত ২৫ অভাৰ বলিং কৰি ১২ মেডেনৰ সৈতে ৪১ ৰানত ৬ টা উইকেট দখল কৰে। ৰবি কিৰণে ২০ অভাৰ বলিং কৰি ১২ মেডেনৰ সৈতে ২০ ৰানত ৩টা উইকেট সংগ্ৰহ কৰে। ১ টা উইকেট দখল কৰে বাসুদেৱে।

প্ৰথম ইনিংছত ১৬৮ ৰানৰ অগ্ৰগতি লাভ কৰি ছত্তীশগড়ে অসমক পুনৰ বেটিং কৰিবলৈ বাধ্য কৰে। অসমে ফ’ল’-অন কৰি পুনৰ বেটিং কৰি তৃতীয় দিনৰ শেষত দ্বিতীয় ইনিংছত ৫ উইকেটত ১৭১ ৰান সংগ্ৰহ কৰে। অর্থাৎ ইনিংছৰ পৰাজয়ৰ পৰা হাত সাৰি অসমে বৰ্তমান ৩ ৰাণত আগবাঢ়ি আছে৷

দ্বিতীয় ইনিংছত অধিনায়কোচিত অৰ্ধশতক অৰ্জন কৰে ৰিয়ান পৰাগে। ব্যক্তিগত ৮২ ৰানত অপৰাজিত হৈ দিনটো শেষ কৰে। ৪০টা বলৰ বিধ্বংসী ইনিংছত ৰিয়ানে ৭টা চাৰি আৰু ৬টা ছয় মাৰে। অসমৰ অধিনায়কগৰাকীয়ে ৩টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত মাত্ৰ ২৬টা বলতে ব্যক্তিগত অৰ্ধশতক সম্পূৰ্ণ কৰে। ইয়াৰ উপৰিও ৰাহুল হাজৰিকাই ৩টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ৬৫টা বলত ৩৯ ৰান সংগ্ৰহ কৰি আউট হৈ যায়।