ভাগিন ৰিয়ানৰ প্ৰদৰ্শনক লৈ সুখী ‘মামা’ জুবিনে কি ক’লে?

Zubeen-Garg-and-Riyan-Parag

ফটো উৎস : ফেচবুক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰা অসমৰ ৰিয়ান পৰাগৰ প্ৰতিভাক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা। আই পি এলৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা কনিষ্ঠতম খেলুৱৈ গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ক্ৰিকেট বিশেষজ্ঞসকলৰ লগতে অসমৰ সংগীত জগতৰ আটাইতকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ।

জনপ্ৰিয় গায়ক জুবিনে দেওবাৰে শিৱসাগৰৰ চেপনত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত সংগীতানুষ্ঠান পৰিৱেশন কৰি সাংবাদিকৰ আগত ৰিয়ানৰ প্ৰদৰ্শনক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, ‘মই বিৰাট সুখী, ৰিয়ানে পঞ্চাছ মাৰিছে। সি মোৰ ভাগিন হয়। সেয়ে শনিবাৰৰ দিনটো মই বহু আনন্দত আছিলো’।

উল্লেখ্য যে যোৱা শনিবাৰে আই পি এলৰ এখন খেলত ৰিয়ানে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতকীয় ইনিংছটো খেলিছিল। ইয়াৰ লগে লগে তেওঁ আই পি এলৰ ইতিহাসত সৰ্বকনিষ্ঠ অৰ্ধশতক অৰ্জনকাৰী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ৰিয়ানৰ পূৰ্বে এই ৰেকৰ্ডৰ অধিকাৰী আছিল ৰাজস্থান ৰয়েলছৰ হৈয়ে খেলা সঞ্জু ছেমছনৰ নামত।

আই পি এলৰ চলিত ছিজনত ৰিয়ানে ৭খন খেলত অংশ লৈ মুঠ ১৬০ ৰান সংগ্ৰহ কৰাৰ উপৰি তিনিটা উইকেটো লাভ কৰিবলৈ সক্ষম হৈছে।

মাত্ৰ মাত্ৰ ১৭ বছৰ বয়সতে আই পি এলৰ দৰে এখন আগশাৰীৰ ক্ৰিকেট টুৰ্নামেণ্টত আগবঢ়োৱা এনেধৰণৰ চমকপ্ৰদ প্ৰদৰ্শনে ভৱিষ্যতে ৰিয়ানক এগৰাকী দক্ষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হোৱাত সহায় কৰিব বুলি অষ্ট্ৰেলিয়াৰ ষ্টাৰ ক্ৰিকেটাৰ ষ্টিভ স্মিথ, ক্ৰিকেট বিশেষজ্ঞ হাৰ্চা ভোগলে আদিৰ দৰে বহুতো প্ৰাক্তন ক্ৰিকেটাৰে মন্তব্য কৰে।