• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন সংসদ ভৱনক লৈ আন এক বিতৰ্ক: ভৱনৰ ডিজাইনক কফিনৰ সৈতে তুলনা আৰজেডি-ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2023 3:27 pm
new Parliament building
245
VIEWS
Share on FacebookShare on Twitter

আজি দেশৰ নতুন সংসদ ভৱন উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শেহতীয়া কিছুদিন ধৰি নতুন ভৱন উদ্বোধনীক লৈ চলি আহিছে তীব্ৰ বিতৰ্ক। কেইবাটাও বিৰোধী দলে ইতিমধ্যে বৰ্জন কৰিছে আজিৰ উদ্বোধনী অনুষ্ঠান।

এই বিতৰ্কৰ মাজতে আজি বিহাৰৰ শাসকীয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ দল তথা লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলে আন এক নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। নতুন সংসাদ ভৱনৰ ডিজাইনক কফিনৰ সৈতে তুলনা কৰি এই বিতৰ্কৰ সৃষ্টি কৰিছে দলটোৱে।

আজি পুৱাৰ ভাগত এক টুইট যোগে আৰজেডিয়ে এই বিতৰ্কৰ সূত্ৰপাত ঘটায়। টুইটটোত নতুন সংসদ ভৱনৰ ছবিৰ কাষতে কফিনৰ ছবি এখন টুইট কৰি “এইটো কি” বুলি উল্লেখ কৰিছিল আৰজেডি- এ।

 

ये क्या है? pic.twitter.com/9NF9iSqh4L

— Rashtriya Janata Dal (@RJDforIndia) May 28, 2023

আৰজেডি নেতা শক্তি সিং যাদৱে দলৰ এই টুইটটোৰ সমৰ্থনত কয়, “আমাৰ টুইটত থকা কফিনটো গণতন্ত্ৰক সমাধিস্থ কৰাৰ প্ৰতিনিধিত্বমূলক। দেশে এই কথা মানি নলয়। সংসদ গণতন্ত্ৰৰ মন্দিৰ আৰু আলোচনাৰ স্থান।”

ইফালে আৰজেডি-ৰ এই টুইটৰ কিছু সময়ৰ পাছতে বিজেপিয়ে প্ৰত্যুত্তৰ জনায় আৰু নতুন সংসদ ভৱনৰ ডিজাইনক কফিনৰ সৈতে তুলনা কৰা লোকৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিব লাগে বুলি উল্লেখ কৰে।

বিজেপি নেতা সুশীল মোদীয়ে আৰজেডি-ক আক্ৰমণ কৰি এই দাবী কৰিছে। সুশীল মোদীয়ে কয়, “নতুন সংসদ ভৱনক কফিনৰ সৈতে তুলনা কৰা এনে লোকৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু হ’ব লাগে।”

মোদীৰ লগতে বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়ায়ো আৰজেডি-ক প্ৰত্যুত্তৰ জনাই আগন্তুক লোকসভা নিৰ্বাচনৰ কথা সোঁৱৰাই ২০২৪ চনত দেশৰ জনসাধাৰণে আৰজেডি-ক এই কফিনত সমাধিস্থ কৰিব বুলি মন্তব্য কৰে।

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd