INDIAত সকাহঃ বিহাৰত আসন ভাগ-বাটোৱাৰাত ঐক্যমতত মহাগঠবন্ধন

INDIA Mahagathbandhan Bihar

লোকসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বিৰোধী মিত্ৰজোঁট INDIA ই আজি বিহাৰত লাভ কৰিছে আশাৰ বতৰা। বিহাৰৰ মহাগঠবন্ধন মিত্ৰজোঁটে আজি ৰাজ্যখনৰ লোকসভা আসন ভাগ-বতৰাত সুচাৰুৰূপে সম্পন্ন কৰিছে।

এই বুজাবুজি অনুসৰি, ৰাজ্যখনৰ ৪০খন লোকসভাৰ আসনৰ ভিতৰত ২৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰজেডিয়ে। কংগ্ৰেছে ৯খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। আনহাতে বাওঁপন্থী দলসমূহক ৫খন আসন দিয়া হৈছে।

কাটিহাৰ, কিষানগঞ্জ, পাটনা চাহাব, সাসাৰাম, ভাগলপুৰ, পশ্চিম চম্পাৰণ, মুজাফ্ফৰপুৰ, সমস্তীপুৰ আৰু মহাৰাজগঞ্জৰ আসনত কংগ্ৰেছক প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ দিয়া হৈছে। বেগুছৰাই, খগড়িয়া, আৰহ, কাৰাকাট আৰু নালন্দাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বাওঁপন্থী দলে।

উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এতিয়াৰ মহাগঠবন্ধনৰ অংশীদাৰ দলসমূহৰ প্ৰদৰ্শন আছিল অত্যন্ত হতাশাজনক। কংগ্ৰেছে মাত্ৰ এখন আসন লাভ কৰাৰ বিপৰীতে আৰজেডি আৰু বাওঁপন্থী দলে এখনো আসনতো জয়ৰ সোৱাদ লাভ কৰা নাছিল।

আনহাতে এন ডি এৰ মিত্ৰজোঁটৰ দল বিজেপি আৰু জনতা দল (ইউনাইটেড) –এ ক্ৰমে নিৰ্বাচনত ১৭ আৰু ১৬খন আসন লাভ কৰিছিল গত নিৰ্বাচনত। অবিভক্ত লোক জনশক্তি পাৰ্টিয়ে এই নিৰ্বাচনত ৬খন আসন লাভ কৰিছিল।