বোকাখাতত শোকাৱহ পথ দুৰ্ঘটনাত স্কুটি আৰোহীৰ কৰুণ মৃত্যু

দুৰ্ঘটনাগ্ৰস্ত বাহনখন

বোকাখাত মহকুমাৰ চাপৰিগাঁৱৰ সমীপত আজি বিয়লি সংঘৰ্টিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন স্কুটি আৰোহীৰ মৃত্যু হয় ৷

অপুৰ্ব বৰা ওৰফে বুবু নামৰ ব্যক্তিগৰাকীয়ে এ এছ-০৫ এম-২৫৩৫ নম্বৰৰ স্কুটি খনেৰে গৈ থাকোতে চাপৰি গাঁৱৰ সমীপত পথৰ এটা কেকুৰিত দুৰ্ঘটনাত পতিত হয় ৷

আহত অপূৰ্ব বৰাক বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰৰণ কৰা হয় ৷

যোৰহাটলৈ নিয়াৰ পথতে অপূৰ্ব বৰাই শেষ নিঃশ্বাস ত্যাগ কৰে ৷ মৃত অপূৰ্ব বৰাৰ ঘৰ বোকাখাতৰ ২ নং পৰঙনীয়াত বুলি জানিব পৰা গৈছে ৷

সম্প্ৰতি বোকাখাত আৰক্ষীয়ে অপূৰ্ব বৰাৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে ৷

ল’কডাউন সময়ত শোকাৱহ পথ দুৰ্ঘটনাৰ ফলত ব্যক্তিগৰাকীৰ মৃত্যুৱে অঞ্চলটোত শোকৰ  ছাঁ পেলাইছে।