বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা. থিতাতে নিহত এজন

bon122

বঙাইগাঁও চহৰৰ সমীপৰ পুৰণি বঙাইগাঁৱত সোমবাৰে নিশা এখন তীব্ৰবেগী ইণ্ডিকাই পথৰ কাষত ৰৈ থকা দুই যুৱকক মহতীয়াই নিয়াত এজন যুৱক থিতাতে নিহত হয় ৷

নিহত যুৱকজন ৰাজীৱ পোদ্দাৰ ( ২৫) বুলি জানিব পৰা গৈছে ৷ আনহাতে দুৰ্ঘটনাটোত পোনাকণ ৰায় ( ২৩ ) নামৰ আনজন যুৱক গুৰুতৰভাৱে আহত হয় ৷

উল্লেখ্য যে পুৰণি বঙাইগাঁৱৰ বুনিয়াদী চ’কৰ ওচৰৰ এই দুই যুৱকে সদায় নিজৰ ঘৰৰ সন্মুখৰ পথৰ দাঁতিত সন্ধিয়াৰ ভাগত মিলিত হৈ নানা কথা – বতৰা পাতে ৷

সোমবাৰেও নিশালৈকে দুয়ো কথা বতৰা পাতি আছিল ৷ ৰাজীৱ পোদ্দাৰ নামৰ যুৱকজনে নিজৰ মটৰ চাইকেলত বহি থকাৰ বিপৰীতে পোনাকণ ৰায়ে চাইকেলত আছিল ৷ তেনেতে নিশা প্ৰায় ১০.১০ বজাত হঠাৎ উত্তৰ শালমাৰাৰ দিশৰ পৰা বঙাইগাঁও চহৰৰ দিশে ৰাজ্যিক ঘাই পথেৰে তীব্ৰ গতিত অহা এ এছ ১৯ ডি / ৪০০৭ নম্বৰৰ ইণ্ডিকা গাড়ী এখনে পথৰ পৰা নামি গৈ সোঁফালে নিজৰ ঘৰৰ সন্মুখত কথা পাতি থকা দুই যুৱকক মহতিয়াই নিয়ে ৷

লগে লগে এক হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু পৰিয়ালৰ লোকৰ লগতে ওচৰ চুবুৰীয়া ওলাই আহি যুৱকদ্বয়ক উদ্ধাৰ কৰি বঙাইগাঁৱৰ এখন ব্যক্তিগত হাস্পতাললৈ নিয়ে যদিও ৰাজীৱ পোদ্দাৰৰ ঘটনাস্থলীতে মৃত্যু হয়৷

ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে স্থানীয় একাংশ লোক উত্তেজিত হৈ পৰে আৰু ইণ্ডিকাখনৰ চালকজনক ধৰি কিছু উত্তম – মাধ্যম দিয়ে ৷ পিছত দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চলকজনৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ইণ্ডিকা গাড়ীখন উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷ দুৰ্ঘটনা সংঘটিত কৰা ইণ্ডিকাখনৰ চালকজনৰ নাম আচাদ আলী আৰু বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত কচাইপট্টিত ঘৰ বুলি জানিব পৰা গৈছে৷

বঙাইগাঁৱত থাকি গাড়ী চলোৱা আচাদ আলীয়ে নিশা নিজৰ ঘৰৰ পৰা বঙাইগাঁওলৈ আহি আছিল মৃত ৰাজীৱ পোদ্দাৰৰ পত্নী, এটি শিশু সন্তান, পিতৃ- মাতৃ, ভাতৃ,ভগ্নী আদি আছে ৷ এইদৰে হঠাতে সংঘটিত দুৰ্ঘটনাই যুৱকজনৰ প্ৰাণ কাঢ়ি নিয়াত  পুৰণি বঙাইগাঁও অঞ্চলত শোকৰ ছাঁ পৰিছে ৷ আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত পোনাকণ ৰায় বঙাইগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে ৷