টীয়কৰ কাকজানত চোৰাং গৰু কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত, পাঁচ জন আহত

যোৰহাট জিলাৰ টীয়কৰ কাকজানত আজি পুৱা চোৰাং গৰু কঢ়িওৱা মহিন্দ্ৰ বলেৰ’ গাড়ী দুৰ্ঘটনাত পতিত হয়।

AS-02CC-2918 নম্বৰৰ বলেৰ’ পিক আপভানে টীয়কৰ চিন্তামণিগড়ৰ পৰা নগাঁৱলৈ গৰু কঢ়িয়াই নিয়ে।

AS-06U-8100 নম্বৰৰ ডিব্ৰুগড় অভিমুখী চুইফটৰ সৈতে বলেৰ’ বাহনৰ সৈতে গৰু কঢ়িয়াই নিয়া বাহন খনৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত আহত ৫ জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

এই দুৰ্ঘটনাই পুনৰ উদঙালে নিষেধাজ্ঞাৰ পাছতো চলি থকা গৰুৰ চোৰাং বেহা।