NORTHEAST NOW (Assamese)

কলিয়াবৰৰ বৰালীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত দুই বাইক আৰোহী

February 15, 2022 2:30 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ

কলিয়াবৰৰ বৰালীগাঁৱত পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আহত হয় দুয়োখন বাইকৰে দুই আৰোহী।

AS02 R 5107 আৰু AS 12 C 0927 নম্বৰৰ অহা বাইক আৰোহী দুজনে মুখামুখি খুন্দা মৰাত আহত হয় দুয়োজন।

আহত বাইক আৰোহী আঞ্জুকপানীৰ আলি আকবৰ আৰু বৰভগীয়াৰ বিপুল হাজৰিকা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত মিছা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ দুয়োকে জখলাবন্ধা অসামৰিক চিকিৎসালয় ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।

ইয়াৰে বিপুল হাজৰিকাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related News