কোকৰাঝাৰৰ বালাজান তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা, এটা পৰিয়ালক মহিয়াই নিলে বাহনে

কোকৰাঝাৰৰ বালাজানতিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা । কোকৰাঝাৰৰ চিআইটিৰ ওচৰত ঘটিছে এই দুৰ্ঘটনা।

একেটা পৰিয়ালৰ পাঁচ সদস্যৰ ওপৰেদি পাৰ হৈ গল টাটা এচিই মালবাহী বাহন ।

গাড়ীৰ খুন্দাত পৰিয়ালটোৰ মাতৃৰ মৃত্যু ।নিহত মহিলাগৰাকীৰ নাম নাম ৰম্ভা নাথ (৪০) ৷

দুৰ্ঘটনাটোত পিতৃ , পুত্ৰ-কন্যা আহত ।গুৰুতৰভাৱে আহত তিনিবছৰীয়া নাতিনী তৰা নাথো ।

দুৰ্ঘটনা সংঘটিত কৰা টাটা এচিই গাড়ীখনৰ নম্বৰ এএচ ১৯এচি ২৮৬৬ ৷জানিব পৰা মতে পিছপিনৰ পৰা খুন্দা মাৰে দুৰ্ভগীয়া পৰিয়ালটোক ।

দুখন চাইকেলেৰে ঘৰলৈ আহি আছিল পৰিয়ালটো ।পৰিয়ালটোৰ বালাজানত থকা ঘৰত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ।

চালক আৰু সহযোগী চালকক কৰায়ত্ব কৰিছে আৰক্ষীয়ে ।