নগাঁৱৰ পুৰণিগুদামত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

নগাঁৱৰ পুৰণিগুদামত বুধবাৰে নিশা এক শোকাৱহ পথ দূৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত এজন লোকে থিতাতে প্ৰাণ হেৰুৱাব লগা হয়।

প্ৰাপ্ত তথ্য মতে বুধবাৰে নিশা প্ৰায় ১ বজাত এ এছ ০১ ডি চি ৮১২৭ নম্বৰৰ এখন দ্ৰুতবেগী প্লাই ভৰ্তি ট্ৰাকে পুৰণিগুদামৰ কেঞাপট্টীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা এজন বাইক আৰোহীক মহতীয়াই নিয়ে। পথৰ কাষত বাগৰি পৰা ট্ৰাকখনৰ চেপাত সোমাই পৰাত এ এছ ০২ কিউ ৫৪৯১ নম্বৰৰ বাইকখনৰ আৰোহীজন থিতাতে নিহত হয়।

নিহত লোকজনক নগাঁৱৰ আৰক্ষীত কৰ্মৰত তেলিয়াগাঁৱৰ টাইবুল ৰহমান বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ খবৰ পাই পুৰণিগুদাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা দুৰ্ঘটনাগ্ৰস্ত বাইক আৰু ট্ৰাকখন জব্দ কৰে।

উল্লেখযোগ্য যে নগাঁৱৰ উৰিয়া গাঁৱৰ পৰা কলিয়াবৰ তিনিআলি পৰ্য্যন্ত নিৰ্মীয়মান অৱস্থাত থকা চাৰিলেনযুক্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত নিতৌ সংঘটিত একাধিক সৰু-বৰ পথ দুৰ্ঘটনাই সম্প্ৰতি পথ চোৱাক মৃত্যুৰ উপত্যকাত পৰিণত কৰিছে।