পাৱৈ-লিডু সংযোগী বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল গাড়ী; সাংবাদিকৰ প্ৰতিবাদ

IMG-20190509-WA0021

দুৰ্ঘটনাগ্ৰস্ত গাড়ীকেইখন

বিধ্বস্ত পথ যোগাযোগ ব্যৱস্থাৰ বাবে আজি জাগুণ-লিডু সংযোগী ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত কেইবাখনো গাড়ী বাগৰি পৰাৰ ফলত স্বাভাবিক যান-বাহন চলাচল ব্যাহত হৈ পৰে।

লিডুৰ টিৰাপ কলিয়ৰৰ সংঘটিত হয় এই ঘটনা।ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দ গাঁতৰ বাবেই দুৰ্ঘটনা সংঘটিত হয়। পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী দলে জেছিবিৰে বাগৰি পৰা গাড়ীসমূহ আটৰ কৰাতহে পুনৰ যান-বাহন চলাচল আৰম্ভ হয়।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ  পাৱৈৰ পৰা লিডু লৈকে ৩৮ নং ৰাষ্টীয় ঘাইপথৰ দুৰৱস্থাই সকলোকে জ্বলা-কলা খুৱাই আহিছে। বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত দ দ গাঁত সৃষ্টি হৈ পুখুৰী সদৃশ পৰিবেশ হৈছে।

তাৰোপৰি, খৰালি পথছোৱা ধূলিময় হৈ পৰাৰ লগতে বাৰিষা ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হয়। ফলত পথচাৰী, গাড়ী চালকৰ বাবে এইপথছোৱা মৰণফাণ্ড সদৃশ হৈ পৰে।

আনহাতে, বিধস্ত পথছোৱা পুনঃ নিৰ্মাণৰ দাবীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই ধাৰাবাহিক ভাৱে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

আজি সংন্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰ, যুটীয়া সম্পাদক তপন দে, প্ৰশান্ত  চেতিয়া আৰু মুখপাত্ৰ মানসপ্ৰতীম গগৈয়ে প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰীলৈ দুবাৰকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত উদ্বেগ প্ৰকাশ কৰে।

তদুপৰি, গণতান্ত্ৰিক চৰকাৰ এখনৰ বিৰুদ্ধে সাংবাদিকে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত আন্দোলনত নামি পৰাৰ পাছতো ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰি অহাটো দুৰ্ভাগ্যজনক বুলি প্ৰেছবাৰ্তাটোত উল্লেখ কৰি ১০ মে’ৰ ভিতৰত চৰকাৰে স্থিতি স্পষ্ট কৰাৰ লগতে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ ব্যৱস্থা  নকৰিলে সংস্থাই মাৰ্ঘেৰিটাৰ বিভিন্ন অৰাজনৈতিক দল-সংগঠন তথা ৰাইজৰ সহযোগত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ পাছত পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই তৎপৰতা চলোৱা, ইতিমধ্যে পথটোৰ মেৰামতিৰ বাবে ২৩ কোটি টকা আৱন্তন দিয়া  বুলি বিভিন্ন সূত্ৰই জানিবলৈ দিয়া বুলি প্ৰকাশ কৰি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে এনেদৰে মৌখিক ভাৱে  অৱগত কৰিলেই নহ’ব বুলি কয়।

চৰকাৰৰ দ্বায়িত্বশীল ব্যক্তিয়ে মাৰ্ঘেৰিটা সাংবাদিক  সংন্থাক অৱগত কৰাৰ লগতে মে’ মাহৰ ভিতৰত পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ নিশ্চয়তা নিদিলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে ৰাণাজ্যোতি নেওগে।