গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত সাংবাদিক ভূপেন গোস্বামী

Guwahati Accident

আহত সাংবাদিকগৰাকী

গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত মঙলবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত জ্যেষ্ঠ সাংবাদিক, ৰাষ্ট্ৰীয় খবৰৰ উত্তৰ-পূবৰ সংবাদ দাতা তথা নেশ্যনেল য়ুনিয়ন অৱ্ জাৰ্ণেলিষ্ট ইণ্ডিয়া (এন ইউ জে আই)ৰ ৰাষ্ট্ৰীয় উপ সভাপতি, ‘জা’ ৰ মূখ্য উপদেষ্টা ভূপেন গোস্বামী গুৰুতৰভাবে আহত হয়।

বৰ্তমান ছয়মাইলস্থিত জিএনআৰচিত চিকিৎসাধীন হৈ থকা সাংবাদিক গৰাকী বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

জানিব পৰা মতে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ থকা তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ এ এছ ০১ এক্স ৩৮০৯ মটৰ চাইকেলেৰে  আহি থকাৰ সময়ত পিছফালৰ পৰা এখন পানী কঢ়িওৱা অ’টভানে তীব্ৰ বেগেৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাৰ পাছত স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে ককাল, ভৰি আৰু মুৰত গুৰুতৰভাবে আঘাত পোৱা সাংবাদিকজনক জিএনআৰচি চিকিৎসালয়ত ভৰ্তি কৰায়।

জাৰ্নেলিষ্ট এচছিয়েচন অৱ্ আছাম ‘জা’ ৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, ‘জা’ ৰ গুৱাহাটীৰ সদস্য সাংবাদিক সকলে আহত গোস্বামীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে নিয়ন্ত্ৰণহীন গাড়ী চালকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ।