বঙাইগাঁও জিলাৰ তালগুৰীত নিশা পথ দুৰ্ঘটনা,যুৱকৰ মৃত্যু

বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত নিশা ১১-২০ মান বজাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয় ।

নিহত যুৱকজন অঞ্চলটোৰ কায়েথপাৰা গাৱঁৰ মণি সুত্ৰধৰ (২৭) বুলি চিনাক্ত হৈছে ।

যুৱক জনে আন দুজন লোকৰ সৈতে এ এছ ১৯ কিউ ১৪৬৪ নম্বৰৰ এখন স্কুটীৰে ধুবুৰীৰ দিশৰ পৰা কায়েথপাৰাৰ নিজ গৃহ অভিমুখে আহি আছিল ।

সেই সময়তে একে দিশৰ পৰা আহি থকা এ এছ ০১ এম চি ৩৩৯৪ নম্বৰৰ এখন মাৰুতি ইকো ভানে স্কুটীখনক উক্ত স্থানত তীব্ৰ বেগত খুন্দা মাৰে ।

ফলত স্কুটী আৰোহী মণি সুত্ৰধৰৰ থিতাতে মৃত্যু ঘটাৰ লগতে আন দুজন লোক গুৰুতৰ ভাৱে আহত হয় ।

আহত দুজন ৰঞ্জন বৰ্মন আৰু বিকাশ বৰ্মন বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত বইটামাৰী আৰক্ষী উপস্থিত হৈ ১০৮ এম্বুলেন্স যোগে আহত লোক দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ।