তামুলপুৰৰ গোৰেশ্বৰ চ’কত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত ঘগ্ৰাপাৰ উন্নয়ন খণ্ডৰ কৰ্মচাৰী

d2

বাক্সাৰ তামুলপুৰৰ গোৰেশ্বৰ চ’কত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক ।

নিহত লোকজন তামুলপুৰৰ বাৰেইগাও নিবাসী গোলক বসুমতাৰী (৪৯)। গোলক বসুমতাৰী ঘগ্ৰাপাৰ উন্নয়ন খণ্ডৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে l

আজি দুপৰীয়া প্ৰায় দুই বজাত গোলক বসুমতাৰীয়ে AS-28-7253 নম্বৰৰ স্কুটী এখনৰে কাৰ্য্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ সময়ত ঘৰৰ সমীপৰে গোৰেশ্বৰ চ’কত একে দিশৰ পৰা গৈ থকা AS-25-DC- 4831 নম্বৰৰ ডাম্পাৰৰ চকা গোলক বসুমতাৰীৰ গাৰ ওপৰৰে পাৰ হৈ যোৱাত ঠাইতে নিহত হয় লোক জনl

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অঞ্চলটোত ডাম্পাৰৰ দৌৰাত্মৰ বাবেই বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি বহুতে প্ৰকাশ কৰিছে।

ডাম্পাৰৰ চালকক নাকী লগোৱাৰ দাবীও ৰাইজে পুনৰ উত্থাপন কৰিছে।