গোলাঘাটত পথ দুৰ্ঘটনাত পতিত আৰক্ষী, আহত এজনক যোৰহাটলৈ

Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

গোলাঘাট চহৰৰ সমীপৱৰ্তী ৰঙাজানত দেওবাৰে সন্ধিয়া সংঘটিত এক মটৰ চাইকেল দুৰ্ঘটনাত গোলাঘাট আৰক্ষী অধীক্ষক কাৰ্যালয়ত কৰ্মৰত দুজন আৰক্ষী আহত হয়।

ঘটনাৰ বিৱৰণী মতে ক্ষীৰেশ্বৰ বৰা আৰু জয়ন্ত কলিতা নামৰ আৰক্ষী বিভাগৰ ব্যক্তি দুজন সন্ধিয়া নুমলীগড়ৰ পৰা AS03R4288 নম্বৰৰ এখন পালছাৰ মটৰ চাইকেলেৰে গোলাঘাটলৈ আহি থকা অৱস্থাত ৰঙাজান শিৱ মন্দিৰৰ সমীপত হঠাৎ পথত এটা গৰু পোৱালিয়ে অগাভেটা কৰে। ফলত দুয়োজন বাইক আৰোহী গৰুটোক খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে।

সন্দিয়া প্ৰায় ৬.৩০ বজাত হোৱা উক্ত ঘটনাত ক্ষীৰেশ্বৰ বৰা নামৰ ব্যক্তিজন গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

বৰুৱা গাঁৱৰ নিবাসী বৰাক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে আনজন ব্যক্তিক গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে।