বোকাখাতত বাইকত খুন্দিয়াই পলায়ন বাহনৰ : মৃত্যু এজন আৰোহীৰ, আন এজন আহত

Bokakhat Accident

সোমবাৰৰ সন্ধ্যা বোকাখাতৰ সাপজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘৰ্টিত এক পথ দুৰ্ঘটনাত যোৰহাট ম’হবন্ধা চাহ বাগিচাৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন যুৱক গুৰুত্বৰ ভাৱে আহত হয়৷

প্ৰাপ্য তথ্য মতে এ এছ ০৩ এ এ – ০৭৩৮ নম্বৰৰ পালচাৰ এখনেৰে কাজিৰঙাৰ পৰা যোৰহাট অভিমুখে গৈ থকা অৱস্থাত এখন সৰু গাড়ীয়ে খুন্দা মাৰি পলায়ন কৰে পালচাৰ মটৰ চাইকেলখনক৷

ফলত পালচাৰ আৰোহী বাবলু খেৰিয়া আৰু তৰুণ গঞ্জু গুৰুত্বৰভাৱে আহত হয়৷

বোকাখাতৰ যান বাহন আৰক্ষীয়ে তাৎক্ষনিকভাৱে আহত যুৱকদ্বয়ক বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে তৰুণ গঞ্জুক মৃত বুলি ঘোষণা কৰে৷

যুৱকদ্বয়ক ঘৰ যোৰহাটৰ ম’হবন্ধা চাহ বাগিছাত বুলি জানিব পৰা গৈছে৷

পালচাৰ মটৰ চাইকেলখনক খুন্দা মাৰি পলায়ন কৰা অচিনাক্ত গাড়ীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বোকাখাত আৰক্ষীৰ যান বাহন শাখাই৷