গুৱাহাটী মহানগৰীত বাইক-বলেৰ’ৰ মুখামুখি সংঘৰ্ষ; এজন আহত

ল’কডাউন চলি থকাৰ মাজতে আজি গুৱাহাটী মহানগৰীত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক আঘাতপ্ৰাপ্ত হয়।

মহানগৰীৰ খাৰঘুলি বেলতল শিৱমন্দিৰৰ সমীপত দিনৰ ১১ বজাত এখন বলেৰ’ আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে সংগটিত হয় উক্ত পথ দূৰ্ঘটনাটো।

দূৰ্ঘটনা সংঘটিত হোৱা বলেৰ’খনৰ নম্বৰ এ এছ ০১ ডি ইউ ৫৬৫৭ আৰু মটৰ চাইকেলখনৰ নম্বৰ এ এছ ০১ ই এ ০৫৬৩। দুয়োখন গাড়ীয়ে তীব্ৰ বেগত আছিল।

দূৰ্ঘটনাটোত গুৰুতৰভাবে আহত মটৰ চাইকেল আৰোহীজননৰ নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই। দুৰ্ঘটনাস্থলীত উপস্থিত লোকসকলৰ সহযোগত তেওঁক লতাশিল আৰক্ষীৰ বাহনত উঠাই সমীপৰ চিকিৎসায়লৈ নিয়া হয়।