যোৰহাটত ভয়াৱহ পথ দুৰ্ঘটনা: কথমপি প্ৰাণ ৰক্ষা আঠ ছাত্ৰ-ছাত্ৰীৰ

Road accident in Jorhat

যোৰহাটত আজি বিয়লি সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনাl দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে আঠ জন ছাত্ৰ-ছাত্ৰীৰl

যোৰহাট ড’নবস্ক বিদ্যালয়ৰ এখন মাৰুতী স্কুল ভানে বিয়লি স্কুল ছুটিৰ পাছত ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই আনি থাকোঁতেই লিচুবাৰী জিমখানা ক্লাৱৰ সন্মুখত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাl

অৱশ্যে বাহন খনত থকা ছাত্র-ছাত্ৰী সকল গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে যদিও ছাত্ৰ-ছাত্ৰী সকলক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছেl

আনহাতে গাড়ীখনৰ ড্ৰাইভাৰ জনে সুৰাপান কৰি তীব্ৰ গতিত গাড়ী চলাই এই দুৰ্ঘটনা সংঘটিত কৰৰ অভিযোগ তুলিছে স্থানীয় ৰাইজেl