NORTHEAST NOW (Assamese)

কলিয়াবৰত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল দুজনৰ

October 20, 2021 7:41 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি আবেলি কলিয়াবৰ অঞ্চলৰ আমগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

এখন ট্ৰাক আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত হয় বাইক আৰোহী দুজন।

দুৰ্ঘটনাটোত নিহত ব্যক্তি দুজন বন সুৰক্ষা বাহিনীৰ জোৱান আছিল আৰু তেওঁলোকক মধু চন্দ্ৰ ডেকা আৰু ৰূপজ্যোতি বৰা বুলি চিনাক্ত কৰা হৈছে।

মৃত দুয়োজন কালিয়াবৰ শিবিৰৰ পৰা কামলৈ গৈ আছিল।

উল্লেখ্য দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

জখলাবন্ধা আৰক্ষীয়ে ইতিমধ্যে সুৰামত্ত ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰি ট্ৰাকখন জব্দ কৰিছে।

Related News