নগাঁৱত পথ সুৰক্ষাৰ সজাগতা সভা : শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত ভিন্নধৰ্মী প্ৰতিযোগিতা সম্পন্ন

IMG-20201202-WA0001

ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ৰ তত্বাৱধানত আৰু নগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান জনসেৱা পৰিষদৰ উদ্যোগত আজি জিলাখনৰ চামগুৰিস্থ বহুমুখী জাতীয় বিদ্যালয়ত পথ সুৰক্ষাৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হয়।

তদুপলক্ষে বিভিন্ন বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা, ছবি অঁকা প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

কাৰ্যসূচী অনুসৰি আজি বিয়লি অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী সভাত প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়।

ইয়াৰ পুৰ্বে সভাখনত নগাঁও জিলা পৰিবহণ বিভাগৰ বিষয়া ক্ৰমে প্ৰজ্ঞান দুৱৰা, ৰজত বৰা আৰু বিমল কুমাৰ নাথ উপস্থিত থাকি পথ সুৰক্ষা আইনৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে চামগুৰি মহাবিদ্যালয়ৰ অধ্যাপক ৰফিকুল ইছলামে পথ সুৰক্ষাত ৰাইজৰ ভূমিকাৰ ওপৰত বক্তব্য আগবঢ়ায়।

নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰে “পথ দুৰ্ঘটনা আৰু ইয়াক প্ৰতিৰোধ” শীৰ্ষক বক্তব্য দাঙি ধৰে। সভাখনত সভাপতিত্ব কৰে জনসেৱা পৰিষদৰ সভাপতি আব্দুল খবিৰে।