দিচৈ ভেলীৰ পৰা নগা আৰক্ষীৰ শিবিৰ উচ্ছেদৰ দাবীত মৰিয়নীত ধোদৰ আলি অৱৰোধ

১১ জাতীয় সংগঠনৰ উদ্যোগত গ্ৰহণ কৰা অৱৰোধ কাৰ্যসূচীত সহস্ৰাধিক লোকৰ যোগদান

IMG-20201209-WA0021

যোৰহাট জিলাৰ মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পৰা নগা আৰক্ষীৰ শিবিৰ উচ্ছেদৰ দাবীত মৰিয়নীত জাতীয় দল সংগঠনৰ উদ্যোগত সহস্ৰাধিক সীমান্তবাসী ৰাইজ  বুধবাৰে ৰাজপথলৈ ওলাই অহাৰ লগতে অনিদিষ্ট কালৰ বাবে সৰ্বাত্মক ধোদৰ আলি অৱৰোধ কাৰ্য সূচী গ্ৰহণ কৰে।

উল্লেখ্যযোগ্যযে  মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নাগালেণ্ড চৰকাৰে স্থাপন কৰা আৰক্ষীৰ শিবিৰ উচ্ছেদ কৰাৰ দাবীত ১৬ নবেম্বৰৰ পৰা মৰিয়নীৰ এঘাৰ জাতীয় সংগঠনৰ লগতে সীমান্তবাসী ৰাইজে  নিউ সোণোৱালত মৰিয়নী মোককচাং পথত সৰ্বাত্মক অৱৰোধ অব্যাহত ৰাখিছে।

এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাত আজি এঘাৰ জাতীয় দল সংগঠন আৰু সীমান্তবাসী ৰাইজ মৰিয়নী নগৰলৈ প্ৰতিবাদী সমদল কৰি অহাৰ লগতে নগৰৰ থানা তিনি আলিত ধোদৰ আলিত অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখ্য যে, অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগালেণ্ড চৰকাৰে এখন আৰ চি চি দলং নিৰ্মাণ কৰাৰ লগতে এমাহ পূৰ্বে এটা আৰক্ষী শিৱিৰ স্থাপন কৰিছিল।

আনহাতে নগা আৰক্ষী শিৱিৰৰ সমীপতে অসম আৰক্ষীয়েও অস্থায়ী আৰক্ষী শিৱিৰ স্থাপন কৰে যদিও আজি পৰ্যন্ত অসমৰ ভূমিত থকা অবৈধ নগা আৰক্ষী শিৱিৰটো উচ্ছেদৰ ক্ষেত্ৰত কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰিলে ।

নগা আৰক্ষী শিৱিৰ উচ্ছেদৰ দাবীত যোৱা ১৬ নৱেম্বৰৰ পৰা এঘাৰ জাতীয় সংগঠন আৰু সীমান্তবাসী ৰাইজে মোককচাং মৰিয়নী পথ অৱৰোধৰ ইতিমধ্যে ২৫ দিন উকলি গ’ল যদিও গা নলৰিল  চৰকাৰৰ।

আজি অৱৰোধ স্থলীত যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, তিতাবৰ মহকুমাধিপতি খনিন্দ্ৰ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল উপস্থিত হৈ প্ৰতিবাদী দল সংগঠনৰ লগত আলোচনাত মিলিত হয় l