জ্ঞানেন্দ্ৰ হত্যাক লৈ উত্তাল গোলাঘাট : ৰাইজৰ পথ অৱৰোধ, মানৱ অধিকাৰ আয়োগত গোচৰ

Photo of Roadd Blockade

জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ হত্যাৰ প্ৰতিবাদত বৃহস্পতিবাৰে গোলাঘাটত ৰাইজৰ পথ অৱৰোধ। ফটো : নৰ্থইষ্ট নাও

কালি পুৱাৰ ভাগত ভোটগ্ৰহণ চলি থকাৰ সময়তে খুমটাই সমষ্টিৰ হাবিয়ালত আৰক্ষীৰদ্বাৰা জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ যুৱকজনক গুলীবিদ্ধ কৰা ঘটনাকলৈ সমগ্র জিলাখনতে তীব্র প্ৰতিক্ৰিয়া অব্যাহত আছে। নিহত যুৱকজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক পার্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে হত্যাকাণ্ডৰ অভিযোগত গোলাঘাট আৰক্ষী থানাত ১০৫৪/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩০২ধাৰাত এক গোচৰ পঞ্জীয়ন হৈছে।

ইয়াৰ লগে লগে জিলাবাসীৰ মনত পুনৰ সজীৱ হৈ উঠিছে ১৯৯৫ চনত আৰক্ষীয়ে নৃশংস আৰু বৰ্বৰভাবে হত্যা কৰা জ্যোতি লোহাৰৰ হত্যাকাণ্ডৰ ঘটনা। যিটো ঘটনাৰ বাবে আৰক্ষী বিষয়া ৰাঘবেন্দ্ৰ অৱস্থিসহ বহুকেইজন আৰক্ষীৰ লোক এতিয়াও বিচাৰ প্ৰক্ৰিয়াৰ আওতাত সোমাই আছে।

ইযাকে লৈ আজি জনসাধাৰণৰ মাজত ব্যাপক চৰ্চা চলি থকা সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক চৈয়দ মনোৱাৰ হুছেইনে কয় যে জ্ঞানেন্দ্ৰ হত্যা অসম আৰক্ষীৰদ্বাৰা নিৰীহ জনতাৰ ওপৰত চলা নৃশংসতাৰ প্ৰমাণ।

তেওঁ বিজেপি চৰকাৰৰ ছত্ৰছায়াত এতিয়া অসম আৰক্ষীৰ মুক্ত হত্যা তেনেই সাধাৰণ ঘটনা হৈ পৰিছে বুলি উল্লেখ কৰি শীঘ্ৰে দোষী আৰক্ষীক গ্ৰেপ্তাৰ আৰু শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। লগতে পৰিয়ালটোক সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে।

একেদৰে জীপাল কৃষক -শ্ৰমিক সংঘই প্ৰতিক্ৰিয়া ব্যক্ত কৰি ‘সাধাৰণ জনতাক ভয় খুৱাই চাপত ৰখাৰ স্বাৰ্থতেই কালি অতি নৃশংসভাৱে চৰকাৰী নিৰ্দেশত মানসিক ভাৰসাম্য হেৰুওৱা যুৱকজনক গোলাঘাট আৰক্ষীয়ে গুলিয়াই হত্যা কৰিলে বুলি মন্তব্য কৰিছে। সংগঠনটোৰ উপদেষ্টা সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেই এক বিজ্ঞপ্তিৰ জৰিয়তে উক্ত ঘটনা কেতিয়াও বিক্ষিপ্ত ঘটনা হ’ব নোৱাৰে বুলি উল্লেখ কৰে।

তেওঁলোকে এয়া চৰকাৰী নিৰ্দেশত চলা সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি এগৰাকী সাধাৰণ লোকক ৰক্ষণাবেক্ষণ দিব নোৱাৰা বৰ্তমানৰ বিজেপি নেতৃত্বৰ মিত্ৰজোঁট চৰকাৰখনৰ শাসনত থকাৰ কোনো নৈতিক অধিকাৰ নাই বুলি অভিযোগ কৰে। তেওঁলোকে শীঘ্ৰে ঘটনাৰ নেতৃত্ব দিয়া আৰক্ষী বিষয়া পার্থপ্ৰতিম শইকীয়া আৰু গুলীচালনা কৰা জোৱানগৰাকীক গ্ৰেপ্তাৰ আৰু উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰিছে।

তেওঁলোকে এইক্ষেত্ৰত বিষয়েটো গুৰুত্ব সহকাৰে লৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু সৰ্বানন্দ সোণোৱালক ৰাইজৰ পক্ষত থিয় দিয়াৰো দাবী জনাইছে। সংগঠনটোৱে জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালৰ লোকক ২০ লাখ টকাৰ এককালীন সাহায্য. কণমানি পুত্ৰৰ অন্ততঃ স্নাতক পৰ্যায়লৈকে উন্নত মানৰ বিদ্যালয়ত অধ্যয়নৰ দায়িত্ব,পৰিবাৰক এটা স্থায়ী চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰাৰো দাবী জনাইছে।

ইপিনে উক্ত ঘটনা সম্পর্কত আজি গোলাঘাট আৰক্ষীৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়া নামৰ এজন যুৱকে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগত এক গোচৰ দিয়া কথা জানিব পৰা গৈছে। গোলাঘাট জিলাৰ আঠগাঁৱৰ নিবাসী তথা ছাত্র মুক্তি সগ্ৰাম সমিতিৰ বিষয়ববীয়াগৰাকীয়ে হাবিয়ালৰ ঘটনাক আৰক্ষীৰ বৰ্বৰতা আখ্যা দি আয়োগৰ পৰা সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে।

মনকৰিবলগীয়া যে উক্ত ঘটনাৰে সাঙোৰ খাই পৰা গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে দুটাকৈ গোচৰ অসম আৰক্ষী দায়বদ্ধতা আয়োগত বিচৰাধীন হৈ আছে আৰু ইয়াৰে এটা গোচৰ ছাত্ৰ মুক্তিয়ে দিছিল। ইফালে কালিৰ ঘটনা সন্দৰ্ভত গোলাঘাট প্ৰশাসনেও ৰাজ্যিক মানৱ অধিকাৰ আয়োগক অৱগত কৰা বুলি অতিৰিক্ত উপায়ুক্ত উৎপল দলেই আজি ৰাজহুৱাভাবে অৱগত কৰে।

উল্লেখযোগ্য যে জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ প্ৰাক্তন বি এছ এফ জোৱানজনক আৰক্ষীয়ে গুলীয়াই হত্যা কৰা কাৰ্যক কেন্দ্ৰ কৰি আজি স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে গণক পুখুৰী তিনিআলিত গোলাঘাট-দেৰগাঁও সংযোগী পথছোৱা বহু সময় ধৰি অৱৰোধ কৰি ৰাখে। আনহাতে, জিলা প্ৰশাসনে দোষী আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে যদিও বৰ্তমানলৈকে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া জানিব পৰা হোৱা নাই।