এক মৰ্মান্তিক ঘটনাত সোমবাৰে ডিব্ৰুগড়ৰ ডিকম থানাৰ অন্তৰ্গত নাহৰতলীৰ সমীপৰ বাইপাছত সংঘটিত পথ দুৰ্ঘটনাত তিনিগৰাকী মহিলাৰ মৃত্যু হয়।
সূত্ৰ অনুসৰি, AS06Z 3501 নম্বৰৰ দ্ৰুতবেগী চুইফট ডিজাইৰে নাহৰতলী চাহ বাগিচাৰ তিনিগৰাকী মহিলা শ্ৰমিকক মহতিয়াই ওপৰেৰে পাৰ হৈ যায় ।
মৃত মহিলা কেইগৰাকীক নাহৰতলী চাহ বাগিচাৰ ৰীতা ভক্ত, সুনীতা বেদিয়া আৰু মিনা বেদিয়া বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক: শিং জোকাৰিছে চীনে! অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণ ‘সাৰ্বভৌমত্বত ভাৰতৰ হস্তক্ষেপ’ৰ অভিযোগ বেইজিঙৰ
ইপিনে, এই ঘটনাৰ পিছতে উত্তেজিত বাগিচাৰ শ্ৰমিকে পথ অৱৰোধ কৰি যান-বাহন চলাচল ব্যাহত কৰে।
এজন আৰক্ষীয়ে কয়, “বাইপাছৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত দ্ৰুতবেগী ছুইফট ডিজাইৰখনে তিনিগৰাকী মহিলাৰ ওপৰেৰে পাৰ হৈ গৈছিল। দ্ৰুতবেগী ডিজাইৰে নিয়ন্ত্ৰণ হেৰুৱাছিল আৰু তাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছিল।”
লগতে পঢ়ক: উত্তৰাখণ্ডৰ কাৰাগাৰত মহিলাসহ ৪৪জন কাৰাবন্দী এইচ আই ভি আক্ৰান্ত
অসম মেডিকেল কলেজ হাস্পাতালৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই কয়, ‘এ এম চি এইচত দুগৰাকী মহিলাক মৃত অৱস্থাত অনা হয়। এগৰাকীক গুৰুতৰ অৱস্থাত এ এম চি এইচলৈ অনা হৈছিল যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। আমাৰ চিকিৎসকে চেষ্টা কৰিছিল যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়।”