মহানগৰীত ডকাইতৰ উপদ্ৰৱ, গুলীচালনাতত আহত এজন

Robber's nuisance in Guwahati

মহানগৰীত দিন দূপৰতে সংঘটিত হৈছে ডকাইতৰ উপদ্ৰৱৰ ঘটনা।

আজি মহানগৰীৰ ধীৰেনপাৰাত এখন জুৱেলাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ডকাইতে।

দিন-দূপৰতে সংঘটিত এনে গুলীবৰ্ষণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

এখন বিলাসী বাহনত অহা অচিনাক্ত দুৰ্বৃত্তই ধীৰেনপাৰাৰ জুৱেলাৰী এখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে। গুলীচালনা কৰি পলায়ন কৰে  বাহনখনে।

এই গুলীবৰ্ষণত আহত হৈছে লিটন মজুমদাৰ নামৰ এজন ব্যক্তি।

আহত লিটন মজুমদাৰক ইতিমধ্যে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে গুলীচালনাত ব্যৱহৃত বাহনখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে।

AS 01 DJ 9606 নম্বৰৰ বিলাসী ডাষ্টাৰ গাড়ীখন আৰক্ষীয়ে চালকশূন্য অৱস্থাত উদ্ধাৰ কৰিছে।