বাক্সাৰ নাগ্ৰীজুলিত উদ্ধাৰ ৰকেট লাঞ্চাৰ; নিষ্ক্ৰিয় কৰিলে সেনাৰ দলে

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নাগ্রীজুলি আৰক্ষী চকীৰ অধীনস্থ বিমলানগৰত আজি এটি ৰকেট লাঞ্চাৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে আজি দিনৰ ভাগত নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত বিমলানগৰ গাঁৱৰ বাল্টি নদীৰ পাৰত খেলি থকা অৱস্থাত কেইটিমান শিশুৱে আংশিকভাৱে মাটিত পোত খাই থকা ৰকেট লাঞ্চাৰটো প্ৰত্যক্ষ কৰে।

ফলত লগে লগে শিশুকেইটাই স্থানীয় ৰাইজক এই কথা অৱগত কৰে আৰু স্থানীয় ৰাইজে লগে লগে বিষয়টো সন্দৰ্ভত নাগ্ৰীজুলি আৰক্ষী চকীত খবৰ দিয়ে।

বিষয়টো সন্দৰ্ভত অৱগত হৈ নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ ৰকেট লাঞ্চাৰটো উদ্ধাৰ কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ আনে।

ঘটনাৰ খবৰ পাই তামুলপুৰৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাও ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে নাগ্ৰীজুলিত উপস্থিত হয়।

ইফালে আৰক্ষীয়ে ৰকেট লাঞ্চাৰটো সক্ৰিয় নে নিষ্ক্ৰিয় নিশ্চিত হ’ব নোৱাৰাত সেনাৰ বোমা বিষেজ্ঞ দলৰ লগত যোগাযোগ কৰে।

ফলত সন্ধিয়া সেনাৰ বোমা বিশেষজ্ঞৰ এটি দল নাগ্ৰীজুলিত উপস্থিত হৈ ৰকেট লাঞ্চাৰটো পৰীক্ষা-নীৰিক্ষা কৰি ধ্বংস কৰে।

আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত কিছুবছৰ পূৰ্বে ভাৰত-ভূটান সীমান্তৰ বিমলানগৰ অঞ্চলত সেনাৰ প্ৰশিক্ষম শিবিৰ আছিল আৰু এই ৰকেট লাঞ্চাৰটো সেনাৰ প্রশিক্ষণ শিবিৰৰ পৰা ৰৈ যাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে প্ৰায় দুমাহ পূৰ্বেও একেখন গাঁৱতেই এটি ৰকেটা লাঞ্চাৰ উদ্ধাৰ হৈছিল আৰু সেনাৰ দলে সেইটোও নিষ্ক্ৰিয় কৰিছিল।