ষ্টেডিয়ামৰ বাহিৰলৈ ছয় কোবাই চলন্ত বাছৰ গ্লাছ ভাঙিলে হিটমেন ৰোহিত শৰ্মাই

WhatsApp Image 2020-09-10 at 3.15.11 PM

ক্ৰিকেটাৰ ৰোহিত শৰ্মা। ফটো সৌজন্য: বিচিচিআই

বৰ্তমান অভিলেখ ভঙাৰ অভিলেখ গঢ়াত নিজকে সকলোতকৈ আগত ৰাখিছে ক্ৰিকেটাৰ ৰোহিত শৰ্মাই।

এইবাৰ হিটমেন শৰ্মাই আগন্তুক আইপিএলৰ পূৰ্বে প্ৰস্তুতি হিচাপে চলন্ত বাছৰ গ্লাছ ভাঙি ইংগিত দিলে নিজৰ দুৰ্দমনীয় প্ৰত্যাৱৰ্তনৰ।

খেলুৱৈগৰাকীয়ে কেইদিন মান পূৰ্বে আয়াৰলেণ্ডৰ কেভিন অ’ ব্ৰায়েন ষ্টেডিয়ামৰ বাহিৰলৈ ছয় কোবাই নিজৰেই গাড়ীৰ গ্লাছ ভাঙিছিল। সেইবাৰ তেওঁৰ গাড়ীখন ষ্টেডিয়ামৰ কাষতে পাৰ্কিং কৰা আছিল।

এইবাৰ ৰোহিতে এটা বিশাল ছয় কোবাই ষ্টেডিয়ামৰ বাহিৰৰ ৰাস্তালৈ পঠিয়াই দিয়ে।

ষ্টেপ আউট কৰি ছয় মৰা ৰোহিতৰ সেই বলটো গৈ এখন চলন্ত বাছত লাগে। লগে লগে বলটোৰ আঘাতত বাছখনৰ গ্লাছ ভাঙি পৰে।

ইপিনে, মুম্বাই ইণ্ডিয়ানছে ছচিয়েল মিডিয়াত ৩৭ছেকেণ্ডৰ এটি ভিডিঅ’ প’ষ্ট কৰিছে। অনুশীলনৰ সময়ত ৰোহিতে য’ত হিচাপ অনুসৰি ৯৫মিটাৰৰ এটা বিশাল ছয় কোবায়।

ৰোহিতৰ সেই ছয় মৰা বলটো ষ্টেডিয়ামৰ বাহিৰলৈ গুচি যায় আৰু এখন চলন্ত বাছত আঘাত কৰে। এই সমগ্ৰ দৃশ্যত কেমেৰাত বন্দী হৈ ৰৈছে। বাছখনৰ গ্লাছ ভাঙি পৰা বুলিও কোৱা হৈছে।

আনহাতে, ৰোহিতৰ এনে দৰ্শনীয় শ্বটৰ পাছত সতীৰ্থসকলৰ সৈতে চেলিব্ৰেট কৰাও দেখা যায়।

মুম্বাই ইণ্ডিয়ানছে টুইটাৰত এই কথাখিনি বৰ্ণনা কৰিছে।