NORTHEAST NOW (Assamese)

‘সোণ লাভ কৰা সকলে অগপক ভোট দিয়ক,নোপোৱা সকলে কংগ্ৰেছক দিয়ক’, কাৰ আহ্বান এয়া?

March 20, 2021 9:57 am · নিৰ্মলেন্দু পাঠক
Updated: March 20, 2021 11:01 am

‘সোণ লাভ কৰা সকলৰ পৰিয়ালৰ সদস্য সকলে অগপত ভোট দিয়ক,নোপোৱা সকলে কংগ্ৰেছৰ পল্লৱীক ভোট দিয়ক,  যিসকলে একাউন্টত মোডী চৰকাৰে দিয়া ধন  লাভ কৰিছে তেওঁলোকে অগপক ভোট দিয়ক, যিসকলে ধন লাভ কৰা নাই তেওঁলোকে কংগ্ৰেছৰ পল্লৱীক ভোট দিয়ক’ —  টীয়কৰ ভোটাৰ ৰাইজক এইদৰে আহ্বান জনালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

টীয়কৰ তামুলীছিগাত কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ আহি বিজেপিৰ মিথ্যাচাৰৰ এটা এটাকৈ তথ্য দাঙি ধৰে হুছেইনে ।

অগণন ৰাইজৰ উপস্থিতিত  ভাষণ প্ৰদান কৰি ৰকিবুল হুছেইনে  পল্লৱী গগৈক জয়ী কৰাই কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায় ।

ইয়াৰ পূৰ্বে কেইবা শতাধিক সমৰ্থকে  হাঁহচৰা চাৰিআলিৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পথ মটৰ চাইকেল ৰেলী কৰি ৰকিবুল হুছেইনক সভাস্থলীলৈ আগবঢ়াই আনে।

Related News