অৱশেষত গ্ৰেপ্তাৰ হ’ল ৰৌনক আলী হাজৰিকা, নিলম্বিত DIG ৰ বিশাল সম্পত্তি দেখিলে চকু কপালত উঠিব আপোনাৰ

আয়তকৈ ১৬৪ শতাংশ অধিক সম্পত্তি মঙ্গলবাৰে গ্ৰেপ্তাৰ হোৱা নিলম্বিত DIG ৰৌনক আলী হাজৰিকাৰ সম্পত্তিৰ তালিকা দেখিলে আপোনাৰো চকু কপালত উঠিব।

হংকং, ইণ্ডোনেছিয়া,ডুবাই,বাংলাদেশ, মালেয়ছিয়া, বেংকক, থাইলেণ্ড সহ ৯ খন দেশ অনুমতি নোহোৱাকৈ ভ্ৰমণ কৰিছিল ৰৌনক আলী হাজৰিকাই৷

উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা হাজৰিকাক কাইলৈ ১২ বজাত বিশেষ আদালতত লৈ যোৱা হ’ব৷ আৰক্ষীয়ে ১০ দিনৰ জিম্মাত বিচাৰিব হাজৰিকাক৷

অভিযানকালত বাংলাদেশ, হংকং, চীন, মালেয়ছিয়া, জাপান, ইণ্ডোনেছিয়াৰ বিদেশী মুদ্ৰা উদ্ধাৰ কৰে হাজৰিকাৰ বাসগৃহত ৷ লগতে যথেষ্ট পৰিমাণৰ বীমা পলিচী উদ্ধাৰ হৈছে অভিযানকালত৷

ইপিনে, DIG ৰৌনক আলী হাজৰিকাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ SP ৰ’জি কলিতাই মন্তব্য কৰি ৰৌনক আলী হাজৰিকাৰ গুৱাহাটীৰ তিনিটা স্থানৰ লগতে চিমলাতো সম্পত্তি আছে বুলি জানিবলৈ দিয়ে।

গুৱাহাটীৰ ধীৰেনপাৰা, ডাউন টাউন আৰু হেঙেৰাবাৰীত আছে তিনিটাকৈ সু-বিশাল অট্টালিকা আৰু কেইবাবিঘা মাটি।

সেইদৰে চিমলাত আছে Kothi নামৰ ৰেষ্টুৰেন্ট।

তেওঁ লগতে জনোৱা অনুসৰি বেংকৰ একাউন্টত ধৰা পৰিছে বহু কোটি টকাৰ লেনদেনৰ তথ্য।

নিজে কৰা আয়তকৈ অধিক সম্পত্তিৰো অধিকাৰী ৰৌনক আলী হাজৰিকা।