আৰক্ষীৰ জিম্মাতে হৃদৰোগত আক্ৰান্ত দুৰ্নীতিৰ গোচৰত অভিযুক্ত DIG ৰৌনক আলী হাজৰিকা, জিএমচিএইছত ভৰ্তি

আয়তকৈ অধিক সম্পত্তি আহৰণৰ অভিযোগত অভিযুক্ত অসম আৰক্ষীৰ নিলম্বিত DIG ৰৌনক আলী হাজৰিকা আজি পুৱা গুৰুতৰ ভাবে অসুস্থ হৈ পৰে।

যোৱা নিশা পল্টনবজাৰ থানাত সাধাৰণ চোৰৰ সৈতে একেলগে কটাবলগীয়া হোৱা নিলম্বিত DIG ৰৌনক আলী হাজৰিকা আজি হৃৰোগত আক্ৰান্ত হয়।

তেওঁক লগে লগে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ নিয়া হয় যদিও স্বাস্থ্যৰ অৱস্থা উন্নত নোহোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়।

সম্প্রতি ৰৌনক আলী হাজৰিকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ আইচিইউত ভর্তি কৰি চিকিৎসা চলাই থকা হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে হাজৰিকাৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ।

উল্লেখ্য ৰৌনক আলী হাজৰিকাক আয়তকৈ অধিক সম্পত্তি আহৰণৰ অভিযোগত মঙলবাৰে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল।
আয়তকৈ ১৬৪ শতাংশ অধিক সম্পত্তি থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত DIG ৰৌনক আলী হাজৰিকাৰ সম্পত্তিৰ তালিকা দেখিলে আপোনাৰো চকু কপালত উঠিব।

হংকং, ইণ্ডোনেছিয়া,ডুবাই,বাংলাদেশ, মালেয়ছিয়া, বেংকক, থাইলেণ্ড সহ ৯ খন দেশ অনুমতি নোহোৱাকৈ ভ্ৰমণ কৰিছিল ৰৌনক আলী হাজৰিকাই৷

অভিযানকালত বাংলাদেশ, হংকং, চীন, মালেয়ছিয়া, জাপান, ইণ্ডোনেছিয়াৰ বিদেশী মুদ্ৰা উদ্ধাৰ কৰে হাজৰিকাৰ বাসগৃহত ৷ লগতে যথেষ্ট পৰিমাণৰ বীমা পলিচী উদ্ধাৰ হৈছে অভিযান কালত৷

ইপিনে, DIG ৰৌনক আলী হাজৰিকাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ SP ৰ’জি কলিতাই মন্তব্য কৰি ৰৌনক আলী হাজৰিকাৰ গুৱাহাটীৰ তিনিটা স্থানৰ লগতে চিমলাতো সম্পত্তি আছে বুলি জানিবলৈ দিয়ে।

গুৱাহাটীৰ ধীৰেনপাৰা, ডাউন টাউন আৰু হেঙেৰাবাৰীত আছে তিনিটাকৈ সু-বিশাল অট্টালিকা আৰু কেইবাবিঘা মাটি।
সেইদৰে চিমলাত আছে Kothi নামৰ ৰেষ্টুৰেন্ট।

তেওঁ লগতে জনোৱা অনুসৰি বেংকৰ একাউন্টত ধৰা পৰিছে বহু কোটি টকাৰ লেনদেনৰ তথ্য।