NORTHEAST NOW (Assamese)

হায়দৰাবাদৰ বিৰুদ্ধে পৰাস্ত হৈ আই পি এলৰ পৰা বাহিৰ কোহলী নেতৃত্বাধীন ৰোয়েল চেলেঞ্জাৰ বাংগালোৰ

November 7, 2020 8:04 am · এন ই নাও নিউজ

২০২০ বৰ্ষৰ আই পি এলৰ দ্বিতীয়খন এলিমিনেটৰত শুকুৰবাৰে চানৰাইজ হায়দৰাবাদে ৰোয়েল চেলেঞ্জাৰ বাংগালোৰক অন্তিম অভাৰত পৰাস্ত কৰে।

ইয়াৰ লগে লগে বিৰাট কোহলী নেতৃত্বাধীন ৰোয়েল চেলেঞ্জাৰ বাংগালোৰৰ প্ৰতিযোগিতাখনৰ ফাইনেল খেলাৰ আশা নিৰ্বাপিত হয়।

চানৰাইজ হায়দৰাবাদে এতিয়া ফাইনেলত প্ৰৱেশৰ বাবে দেওবাৰে দিল্লী কেপিটেলছৰ মুখামুখি হ’ব।

ইতিমধ্যে মুম্বাই ইণ্ডিয়ানছে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে।

শুকুৰবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত ৰোয়েল চেলেঞ্জাৰ বাংগালোৰে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই মাত্ৰ ১৩১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ৰোয়েল চেলেঞ্জাৰ বাংগালোৰৰ হৈ এ বি ডি ভিলিয়াৰ্ছে সৰ্বাধিক ৫৬ ৰান কৰাৰ বিপৰীতে বাকী সকলোবোৰ বেটছমেন ব্যৰ্থ হয়।

বাংগালোৰে নিৰ্ধাৰণ কৰি দিয়া ১৩২ ৰানৰ বিজয় লক্ষ্য আগত ৰাখি হায়দৰাবাদে ১৯.৪ বলত চাৰিটা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে।

হায়দৰাবাদৰ হৈ কেন উইলিয়ামছনে অপৰাজিত ৫০ ৰানৰ সহায়ত দলক বিজয়ী হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Related News