লামডিং ষ্টেচনত ৰে’লৱে সুৰক্ষা বাহিনীৰ হাতত প্ৰায় ৩৩.৭০ লাখ টকা নগদ ধনৰ সৈতে কৰায়ত্ত মহিলা

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) গোপন তথ্যৰ ভিত্তিত যোৱা কেইদিনমানৰ ভিতৰত বিভিন্ন ৰে’ল ষ্টেচন আৰু ৰে’লৱে পৰিসৰত অনুসন্ধান অভিযান চলাইছিল।

এই অভিযানৰ সময়ত, সুৰক্ষা বাহিনীয়ে এগৰাকী মহিলা যাত্ৰীৰ পৰা যথেষ্ট পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: জটিল ৰোগত আক্ৰান্ত বৰুণ ধাৱান! কি হৈছে বলীউদৰ জনপ্ৰিয় অভিনেতাজনৰ?

বুধবাৰে  লামডিং ৰে’লৱে সুৰক্ষা বাহিনীৰ দল- ক্ৰমে লামডিং চিআইবি, এছআইবি আৰু জিআৰপিৰ যুটীয়া দলে লামডিং ৰে’ল ষ্টেচনত ১২০৬৮ ডাউন জনশতাব্দী এক্সপ্ৰেছ ৰে’লৰ পৰা এগৰাকী মহিলা যাত্ৰীক কৰায়ত্ত কৰে।

দলটোৱে নিয়মীয়া পৰীক্ষা অভিযানৰ সময়ত উক্ত মহিলাগৰাকীৰ পৰা প্ৰায় ৩৩.৭০লাখ টকাৰ হিচাপ বিহীন নগদ ধনেৰে ভৰ্তি দুটা মোনা উদ্ধাৰ কৰে।

লগতে পঢ়ক: অবাঞ্চিত! বাতৰি প্ৰকাশৰ বাবে ধন দাবী কৰা সাংবাদিকসকলক সতৰ্ক কৰি দিলে গুৱাহাটী প্ৰেছ ক্লাবে

পিছত কৰায়ত্ত কৰা মহিলাগৰাকীক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে নগদ ধনৰ সৈতে জিআৰপি/লামডিঙৰ হাতত চমজাই দিয়া হয়।