NORTHEAST NOW (Assamese)

চলন্ত ৰে’লত মহিলা যাত্ৰীক উৎপীড়নৰ অভিযোগ: ৰে’ল সুৰক্ষা বাহিনীৰ জোৱানক গ্ৰেপ্তাৰ

October 10, 2022 7:57 pm · এন ই নাও নিউজ, গুৱাহাটী

চলন্ত ৰে’লত এগৰাকী মহিলা যাত্ৰীক উৎপীড়ন কৰাৰ চেষ্টা কৰাৰ অভিযোগত সোমবাৰে ৰে’ল সুৰক্ষা বাহিনী (RPF)ৰ গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী জোৱানক।

ডিফু ৰেল ষ্টেচনত ৰখাই থোৱাৰ সময়তে অৱধ আসাম এক্সপ্ৰেছৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে। অভিযুক্ত জোৱান গৰাকীক ওম প্ৰসাদ মীনা বুলি চিনাক্ত কৰা হৈছে।

মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি জোৱানগৰাকীয়ে তেওঁক আসন বিচাৰি উলিওৱাত সহায় কৰি দিয়াৰ অজুহাতত উৎপীড়ন কৰাৰ চেষ্টা কৰে।

কিন্তু মহিলাগৰাকীয়ে জোৱানগৰাকীৰ পৰা নিজকে ৰক্ষা কৰি দবাটোৰ ভিতৰৰে দৌৰি আঁতৰি যায় আৰু ৰে’লৱে হেল্পলাইন নম্বৰত ফোন কৰে।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত জোৱানগৰাকীক আটক কৰা হয় আৰু বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হয় বুলি ৰে’ল সুৰক্ষা বাহিনীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

Related News