NORTHEAST NOW (Assamese)

এটা কলৰ দাম ১০০ টকা! আজৱ মূল্যক লৈ জ্বলি-পকি উঠিল বিদেশী পৰ্যটক, ভাইৰেল হায়দৰাবাদৰ ফল বিক্ৰেতা

January 19, 2025 9:53 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাস্তাত এজন বেপাৰীক দেখি এজন বিদেশী পৰ্যটক ফল কিনিবলৈ উদ্যত হ’ল। তেওঁৰ ফলৰ দাম জানিবলৈ মন গল। আৰু সেই দাম শুনি স্কটলেণ্ডৰ এজন যুৱক স্তম্ভিত হৈ পৰিল।

খবৰ পোৱা গৈছে যে হায়দৰাবাদৰ ৰাজপথত এজন ফলমূল বিক্ৰেতাক খাবলৈ কলৰ দাম বিচৰাৰ ফলত কাজিয়াৰ সৃষ্টি হৈছিল! বিক্ৰেতাই স্পষ্টকৈ উল্লেখ কৰিছিল যে ‘যদি আপুনি এটা কল কিনিব বিচাৰে তেন্তে ১০০ টকা খৰচ কৰিব লাগিব।’

কলৰ আকাশলংঘী দামৰ কথা শুনি স্কটলেণ্ডৰ বাসিন্দা হিউৱে বিক্ৰেতাজনৰ চিত্ৰগ্ৰহণ বন্ধ কৰিব নোৱাৰিলে। পেছাত হিউ এজন ভ্লগাৰ। সমগ্ৰ ঘটনাটো ছচিয়েল মিডিয়াত প্ৰকাশ কৰি নিমিষতে ভাইৰেল হৈ পৰে। অৱশ্যে ভিডিঅটোৰ বাবেই নিশাৰ ভিতৰতে বিক্ৰেতাজনৰ বিষয়ে আলোচনা আৰম্ভ হল। একাংশই সমালোচনা কৰাৰ বিপৰীতে বহুতে বিক্ৰেতাৰ আত্মবিশ্বাসৰ প্ৰশংসা কৰে।

ভিডিঅটো নিজৰ ছচিয়েল মিডিয়াত আপলোড কৰে ভ্লগাৰজনে। তাতে তেওঁক হায়দৰাবাদৰ ৰাজপথত খোজ কাঢ়ি থকা দেখা যায়। ৰাস্তাত ফলমূলৰ বিক্ৰেতা এজনক দেখি হিউৱে কলৰ দাম বিচাৰিলে। ফল বিক্ৰেতাজনে কয় যে এটা কলৰ দাম ১০০ টকা। হিউৱে প্ৰথমে দামটো বিশ্বাস কৰিব বিচৰা নাছিল। হিউৱে কলে যে তেওঁ  কিনিব বিচাৰে। তথাপি ফলমূল বিক্ৰেতাৰ কথাৰ ইমান পৰিবৰ্তন নহল।

ইনষ্টাগ্ৰামত এই ভিডিঅটোৱে ৬৪ লাখৰো অধিক ভিউ লাভ কৰিছে। লগতে বহু ধেমেলীয়া মন্তব্যও হৈছে। একাংশ দৰ্শকে ধেমালিতে লিখিছিল, আন কোনোৱে আনকি ভাৰতীয়ৰ হৈ স্কটিছ মানুহজনৰ ওচৰত ক্ষমা খুজিছিল।

Related News