• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰে’লৱে আন্তঃগাঁথনি প্ৰকল্পৰ বাবে বাজেটত ১০,৪৪০ কোটি টকাৰ আৱণ্টন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2025 12:31 pm
166
VIEWS
Share on FacebookShare on Twitter

ৰে’লৱেৰ বাবে ২০২৫-২৬ বৰ্ষৰ বাজেটত আৱণ্টন কৰা পুঁজিৰ সন্দৰ্ভত ০৩ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তিৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উত্তৰ-পূৰ্ব্বাঞ্চলৰ সংবাদ কৰ্মীসকলৰ সৈতে এক বাৰ্তালাপত মিলিত হয়। এই বৈঠকত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, উত্তৰ পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক অৰুণ কুমাৰ চৌধুৰী আৰু মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে’ল বিষয়াবৰ্গও উপস্থিত আছিল।

সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি ৰে’ল মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে একেৰাহে দ্বিতীয়বাৰৰ বাবে ভাৰতীয় ৰে’লৰ বাবে বাজেটত মুঠ ২.৬৫ লাখ কোটি টকাৰো অধিক ৰাশিৰ মূলধন ব্যয় প্ৰদান কৰা হৈছে।

ৰে’ল মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতীয় ৰে’লৱেই সমগ্ৰ দেশতে দ্ৰুত, সুৰক্ষিত আৰু আৰামদায়ক ৰে’ল যাত্ৰা সম্প্ৰসাৰিত কৰিবলৈ সাজু হৈছে। অনাগত বছৰসমূহত ২০০ খন নতুন বন্দে ভাৰত ৰে’ল, ১০০ খন অমৃত ভাৰত ৰে’ল আৰু ৫০ খন দ্ৰুত নমো ভাৰত ৰে’ল আৰম্ভ কৰা হ’ব।

এই নতুন ৰে’ল আৰু আধুনিক ডবাসমূহে নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক সেৱা আগবঢ়োৱাত যথেষ্ট সহায় কৰিব। সুৰক্ষা বৃদ্ধিৰ বাবে ১০০০ খন নতুন ফ্লাইঅভাৰ আৰু আণ্ডাৰপাছও নিৰ্মাণ কৰা হ’ব বুলি তেওঁ লগতে কয়।

এই বাৰ্তালাপৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্ব্বাঞ্চলত চলি থকা সকলো প্ৰকল্পৰ বাস্তৱিক প্ৰগতি উন্নত গতিত আগবাঢ়িছে। ভৌগোলিকভাৱে কঠিন এলেকাত অৱস্থিত হোৱা স্বত্বেও, আগতীয়াকৈ সম্পূৰ্ণ হোৱাৰ বাবে ২৪x৭আধাৰত প্ৰকল্পৰ কাম চলাই থকা হৈছে।

অসম আৰু উত্তৰ-পূৰ্ব্বাঞ্চলত, ২০১৪বৰ্ষৰ পৰা ১৮২৪ কিলোমিটাৰ নতুন ট্ৰেক নিৰ্মাণ কৰা হৈছে, যি শ্ৰীলংকাৰ সমগ্ৰ ৰে’ল নেটৱৰ্কতকৈ অধিক। ২০১৪ বৰ্ষৰ পৰা উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহত ৪৭৮ খন নতুন ফ্লাইঅভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰা হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেত কৱচ ৰূপায়ণৰ বাবে মুঠ ১১৮৯ ৰুট কিলোমিটাৰ চিনাক্ত কৰা হৈছে, মন্ত্ৰীগৰাকীয়ে লগতে কয়।

দুয়োজন মহাপ্ৰৱন্ধকে সংবাদ মাধ্যমক সম্বোধন কৰি জনায় যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৯২ টা ষ্টেচন আধুনিকীকৰণ কৰা হ’ব। উত্তৰ পূব সীমান্ত ৰে’লৱে অধিক্ষেত্ৰৰ অধীনৰ সকলো ট্ৰেকৰ বৈদ্যুতিকৰণ ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। মিজোৰামৰ ভৈৰবী–ছাইৰাং প্ৰকল্পটোও এই বছৰৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

তদুপৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰে’লৱে আন্তঃগাঁথনি প্ৰকল্পৰ বাবে মুঠ বাজেট আৱণ্টন হৈছে ১০,৪৪০ কোটি টকা। ২০০৯-১৪ বৰ্ষত গড় বাজেট আৱণ্টন ২,১২২ কোটি টকাৰ তুলনাত ই ৫ গুণতকৈয়ো অধিক।

এই বছৰ বাজেটৰ আৱণ্টন নতুন ৰে’ল পথ আৰু দ্বৈত ৰে’লপথ প্ৰকল্প, ট্ৰেক নৱীকৰণৰ কাম, পৰিবহনৰ সুবিধা, পথ সুৰক্ষাৰ কাম, সেতুৰ কাম, চিগনেলিং, ৱৰ্কশ্বপ আধুনিকীকৰণৰ আৰু গ্ৰাহকৰ সুবিধা আদিৰ দৰে কেইবাটাও খণ্ডত অভূতপূৰ্ব বৃদ্ধি কৰিছে।

Recent News

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd