• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰে’লৱে আন্তঃগাঁথনি প্ৰকল্পৰ বাবে বাজেটত ১০,৪৪০ কোটি টকাৰ আৱণ্টন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2025 12:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’লৱেৰ বাবে ২০২৫-২৬ বৰ্ষৰ বাজেটত আৱণ্টন কৰা পুঁজিৰ সন্দৰ্ভত ০৩ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তিৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উত্তৰ-পূৰ্ব্বাঞ্চলৰ সংবাদ কৰ্মীসকলৰ সৈতে এক বাৰ্তালাপত মিলিত হয়। এই বৈঠকত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, উত্তৰ পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক অৰুণ কুমাৰ চৌধুৰী আৰু মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে’ল বিষয়াবৰ্গও উপস্থিত আছিল।

সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি ৰে’ল মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে একেৰাহে দ্বিতীয়বাৰৰ বাবে ভাৰতীয় ৰে’লৰ বাবে বাজেটত মুঠ ২.৬৫ লাখ কোটি টকাৰো অধিক ৰাশিৰ মূলধন ব্যয় প্ৰদান কৰা হৈছে।

Apply Now

ৰে’ল মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতীয় ৰে’লৱেই সমগ্ৰ দেশতে দ্ৰুত, সুৰক্ষিত আৰু আৰামদায়ক ৰে’ল যাত্ৰা সম্প্ৰসাৰিত কৰিবলৈ সাজু হৈছে। অনাগত বছৰসমূহত ২০০ খন নতুন বন্দে ভাৰত ৰে’ল, ১০০ খন অমৃত ভাৰত ৰে’ল আৰু ৫০ খন দ্ৰুত নমো ভাৰত ৰে’ল আৰম্ভ কৰা হ’ব।

এই নতুন ৰে’ল আৰু আধুনিক ডবাসমূহে নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক সেৱা আগবঢ়োৱাত যথেষ্ট সহায় কৰিব। সুৰক্ষা বৃদ্ধিৰ বাবে ১০০০ খন নতুন ফ্লাইঅভাৰ আৰু আণ্ডাৰপাছও নিৰ্মাণ কৰা হ’ব বুলি তেওঁ লগতে কয়।

এই বাৰ্তালাপৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্ব্বাঞ্চলত চলি থকা সকলো প্ৰকল্পৰ বাস্তৱিক প্ৰগতি উন্নত গতিত আগবাঢ়িছে। ভৌগোলিকভাৱে কঠিন এলেকাত অৱস্থিত হোৱা স্বত্বেও, আগতীয়াকৈ সম্পূৰ্ণ হোৱাৰ বাবে ২৪x৭আধাৰত প্ৰকল্পৰ কাম চলাই থকা হৈছে।

অসম আৰু উত্তৰ-পূৰ্ব্বাঞ্চলত, ২০১৪বৰ্ষৰ পৰা ১৮২৪ কিলোমিটাৰ নতুন ট্ৰেক নিৰ্মাণ কৰা হৈছে, যি শ্ৰীলংকাৰ সমগ্ৰ ৰে’ল নেটৱৰ্কতকৈ অধিক। ২০১৪ বৰ্ষৰ পৰা উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহত ৪৭৮ খন নতুন ফ্লাইঅভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰা হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেত কৱচ ৰূপায়ণৰ বাবে মুঠ ১১৮৯ ৰুট কিলোমিটাৰ চিনাক্ত কৰা হৈছে, মন্ত্ৰীগৰাকীয়ে লগতে কয়।

দুয়োজন মহাপ্ৰৱন্ধকে সংবাদ মাধ্যমক সম্বোধন কৰি জনায় যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৯২ টা ষ্টেচন আধুনিকীকৰণ কৰা হ’ব। উত্তৰ পূব সীমান্ত ৰে’লৱে অধিক্ষেত্ৰৰ অধীনৰ সকলো ট্ৰেকৰ বৈদ্যুতিকৰণ ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। মিজোৰামৰ ভৈৰবী–ছাইৰাং প্ৰকল্পটোও এই বছৰৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

তদুপৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰে’লৱে আন্তঃগাঁথনি প্ৰকল্পৰ বাবে মুঠ বাজেট আৱণ্টন হৈছে ১০,৪৪০ কোটি টকা। ২০০৯-১৪ বৰ্ষত গড় বাজেট আৱণ্টন ২,১২২ কোটি টকাৰ তুলনাত ই ৫ গুণতকৈয়ো অধিক।

এই বছৰ বাজেটৰ আৱণ্টন নতুন ৰে’ল পথ আৰু দ্বৈত ৰে’লপথ প্ৰকল্প, ট্ৰেক নৱীকৰণৰ কাম, পৰিবহনৰ সুবিধা, পথ সুৰক্ষাৰ কাম, সেতুৰ কাম, চিগনেলিং, ৱৰ্কশ্বপ আধুনিকীকৰণৰ আৰু গ্ৰাহকৰ সুবিধা আদিৰ দৰে কেইবাটাও খণ্ডত অভূতপূৰ্ব বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd