NORTHEAST NOW (Assamese)

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

July 10, 2025 12:28 pm · এন ই নাও নিউজ, গুৱাহাটী

বিমুদ্ৰাকৰণৰ পিছৰে পৰা চৰকাৰে কেতিয়াও নতুন নোট প্ৰৱৰ্তন বা পুৰণি নোট প্ৰত্যাহাৰৰ কথা অহিলেই সাধাৰণ মানুহৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হয়। কাৰণ ইয়াৰ দ্বাৰা সাধাৰণ জনতাই অধিক প্ৰভাৱিত হয়। শেহতীয়াকৈ জনসাধাৰণৰ মাজত ৫০ টকীয়া মুদ্ৰা বজাৰত মুকলি হোৱাৰ জল্পনা-কল্পনা দেখিবলৈ পোৱা গৈছে। কিন্তু বুধবাৰে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি কৈছে যে এনে কোনো মুদ্ৰা বজাৰত মুকলি কৰা নাই। প্ৰশ্ন হয় যে তথাপিও এনে জল্পনা-কল্পনাৰ কাৰণ কি?

প্ৰাপ্ত তথ্য অনুসৰি এই প্ৰসংগৰ আঁৰত আছে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল হোৱা এক জনস্বাৰ্থ জড়িত গোচৰ। গোচৰত উল্লেখ থকা মতে বজাৰত ১, ২, ৫, ১০ আৰু ২০ টকীয়া মুদ্ৰা থাকিলেও ৫০ টকীয়া মুদ্ৰাৰ অভাৱ। সেয়ে দৃষ্টিহীন লোকৰ সুবিধাৰ্থে ৫০ টকীয়া মুদ্ৰা প্ৰৱৰ্তনৰ অনুৰোধ জনোৱা হৈছিল। কিন্তু ২০২২ চনত কেন্দ্ৰৰ এক সমীক্ষাত দেখা গৈছিল যে সাধাৰণ মানুহে গধুৰ মুদ্ৰাতকৈ লঘু নোটক পছন্দ কৰে। এই সমীক্ষাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ৫০ টকীয়া মুদ্ৰা প্ৰৱৰ্তনৰ পৰিকল্পনা বাতিল কৰে আৰু শপতনামাৰ জৰিয়তে দিল্লী উচ্চ ন্যায়ালয়ক এই কথা অৱগত কৰে।

আন হাতে বিবাদীসকলে জনস্বাৰ্থ জড়িত গোছৰত যুক্তি দাঙি ধৰিছিল যে বেছিভাগ নোট এনেদৰে ডিজাইন কৰা হৈছে যাতে দৃষ্টিহীন লোকে স্পৰ্শৰ দ্বাৰা চিনাক্ত কৰিব পাৰে, কিন্তু ৫০ টকীয়া নোটত তেনে বৈশিষ্ট্য নাই। এই কাৰণে ৫০ টকীয়া মুদ্ৰা প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। অৱশ্যে কেন্দ্ৰই সম্প্ৰতি এই প্ৰস্তাৱ নাকচ কৰা বুলি সদৰী কৰিছে।

Related News