৪০ লাখ টকা উৎকোচ লৈছিল বিজেপি বিধায়কৰ আমোলা পুত্ৰই; তালাচীত ঘৰৰ পৰা উদ্ধাৰ ৬ কোটি টকা

ফটো: সংগৃহিত।

কৰ্ণাটকৰ এজন বিজেপি বিধায়কৰ পুত্ৰৰ জিম্মাৰ পৰা উদ্ধাৰ হৈছে ধনৰ পাহাৰ। মন কৰিকৰিব লগীয়া যে বিজেপি বিধায়কৰ পুত্ৰ চৰকাৰী বিভাগৰ এজন আমোলা। লোকায়ুক্ত বিষয়াসকলে তেওঁক উৎকোচ লৈ থকা অৱস্থাতে হাতেলোটে ধৰা পেলায়। ঘটনাটো বৃহস্পতিবাৰে সংঘটিত হৈছিল।

চৰকাৰী বিষয়াজনৰ পৰা উৎকোচ লোৱা মুঠ ৪০ লাখ নগদ ধন উদ্ধাৰ কৰা হৈছিল। পিছত তেওঁৰ ঘৰত তালাচী চলাই বিষয়াসকলে ৬ কোটি টকা উদ্ধাৰ কৰে।

অভিযুক্তক প্ৰশান্ত কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ বিজেপি বিধায়ক মাদাল বিৰুপাক্ষপ্পাৰ পুত্ৰ। প্ৰশান্তক বেংগালুৰু পানী যোগান আৰু নিষ্কাশন পৰিষদৰ মুখ্য একাউণ্ট বিষয়া হিচাপে নিযুক্ত আছিল। প্ৰশান্তক লোকায়ুক্ত বিষয়াসকলে ৰাষ্ট্ৰীয় মালিকানাধীন কৰ্ণাটক চাবোন আৰু ডিটাৰ্জেণ্টৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

ফটো: সংগৃহিত।

প্ৰশান্তৰ পিতৃ বিৰুপাক্ষপ্পা কৰ্ণাটকৰ দাভাংগেৰে জিলাৰ চান্নাগিৰি সমষ্টিৰ এজন বিজেপি বিধায়ক। ইফালে, কৰ্ণাটক চাবোন আৰু ডিটাৰ্জেণ্টৰ অধ্যক্ষ হৈছে বিৰুপাক্ষপ্পাই। লোকায়ুক্ত বিষয়াসকলে কালি কৰ্ণাটক চাবোন আৰু ডিটাৰ্জেণ্টৰ কাৰ্যালয়ৰ পৰা তিনি মোনা নগদ ধন উদ্ধাৰ কৰিছিল।

প্ৰশান্ত ২০০৮-বৰ্ষৰ কৰ্ণাটক প্ৰশাসনিক সেৱাৰ এজন বিষয়া। লোকায়ুক্ত বিষয়াসকলে উৎকোচ লোৱাৰ সময়ত তেওঁক হাতেলোটে ধৰিছিল। প্ৰশান্তে কৰ্ণাটকৰ চাবোন আৰু ডিটাৰ্জেণ্টক কেঁচা সামগ্ৰী বিক্ৰী কৰিবলৈ এজন ঠিকাদাৰক আৱন্টন দিয়াৰ নামত উৎকোচ লৈছিল।

অভিযোগ কৰা হৈছে যে প্ৰশান্তে কৰ্ণাটকৰ চাবোন আৰু ডিটাৰ্জেণ্টক কেঁচা সামগ্ৰী বিক্ৰী কৰাৰ চুক্তি দিবলৈ ঠিকাদাৰৰ পৰা ৮১ লাখ টকাৰ উৎকোচ দাবী কৰিছিল। এই পৰিস্থিতিত ঠিকাদাৰজনে এসপ্তাহ আগতে লোকায়ুক্তৰ কাষ চাপিছিল। ইয়াৰ পিছত, প্ৰশান্তক ধৰিবলৈ কৰ্ণাটক চাবোন আৰু ডিটাৰ্জেণ্টৰ কাৰ্যালয়ত এটা জাল পেলোৱা হৈছিল।

ফটো: সংগৃহিত।

লোকায়ুক্তৰ এজন জ্যেষ্ঠ বিষয়াই কয়, “প্ৰশান্তে কৰ্ণাটক চাবোন আৰু ডিটাৰ্জেণ্টৰ অধ্যক্ষ বীৰুপাক্ষপ্পাৰ হৈ উৎকোচৰ ধন লৈছিল। সন্ধিয়া ৬-৪৫ বজাত প্ৰশান্তে কৰ্ণাটক চাবোন আৰু ডিটাৰ্জেণ্ট কাৰ্যালয়ত টকাখিনি নিজৰ হাতত লৈছিল। তেওঁ কেএছডিএলৰ অধ্যক্ষৰ পুত্ৰ। নিৰ্বাচনমুখী কৰ্ণাটকত শাসকীয় দলৰ বিধায়কজনৰ নাম উৎকোচ কেলেংকাৰীত জড়িত হোৱাৰ ঘটনাই ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰিছে।