গোটেই নিশা ধৰ্ণা-প্ৰতিবাদত বহা ৮সাংসদৰ বাবে চাহ লৈ আনিলে ৰাজ্যসভাৰ উপাধ্যক্ষই

mp-night-730-2_1600741779

ফটো সৌজন্য: এ এন আই

গোটেই নিশা সংসদৰ গান্ধীমূৰ্তিৰ তলত ধৰ্ণা দিয়ে ৰাজ্যসভাৰ পৰা নিলম্বিত হোৱা ৮গৰাকী সাংসদে। মঙলবাৰে  পুৱাও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে।

কৃষি বিধেয়কক লৈ যোৱা দেওবাৰে ৰাজ্যসভাত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পাছত সোমবাৰে  ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে আঠ গৰাকী সাংসদক এসপ্তাহৰ বাবে নিলম্বন কৰে।

ইয়াৰ পাছতে সাংসদকেইগৰাকীয়ে গান্ধীমূৰ্তিৰ তলত ধৰ্ণাত বহে।

‘আমি কৃষকৰ বাবে যুঁজ দিম’, ‘গণতন্ত্ৰৰ হত্যা’ পোষ্টাৰ লগত লৈ বিজেপি চৰকাৰ বিৰোধী শ্ল’গান দি তেওঁলোকে প্ৰতিবাদ সাৱ্যস্ত কৰে।

সাংসদকেইগৰাকীয়ে গোটেই নিশা ধৰ্ণা কাৰ্যসূচী পালন কৰে। কংগ্ৰেছ সাংসদ ৰিপুন বৰা আৰু চিপিআইএমৰ সাংসদ ইলামাৰান কৰিমৰ স্বাস্থ্যক লৈ বিৰোধী শিৱিৰ কিছু চিন্তিত আছিল।

কিয়নো দুয়োগৰাকীৰে বয়ৰ ৬৫ৰ ওপৰত হোৱাত তেওঁলোকৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ বাবে বিৰোধী সাংসদসকলে খাদ্যৰো যোগান ধৰিছিল।

আনকি, জৰুৰীকালীন স্বাস্থ্যসেৱাৰ বাবে এখন এম্বুলেন্সো মজুত ৰখা হৈছিল।

বিক্ষোভকাৰী সাংসদকেইজনৰ খৱৰ ল’বলৈ ধৰ্ণাস্থলীত উপস্থিত হয় নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, জেডিএছৰ মুৰব্বী প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেবেগৌড়া, সমাজবাদী পাৰ্টিৰ জয়া বচ্চন, কংগ্ৰেছৰ আহমেদ পেটেল আৰু এনচিপিৰ সুপ্ৰিয়া সূলে।

আনহাতে, মঙলবাৰে পুৱাই ৮গৰাকী সাংসদৰ সৈতে দেখা কৰিবলৈ আহে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ন সিং।

দেওবাৰে যাৰ সিদ্ধান্তক লৈয়েই ৰাজ্যসভাত সৃষ্টি হৈছিল, তেওঁৱেই সাংসদকেইগৰাকীৰ বাবে চাহ লৈ আহে।

এই সন্দৰ্ভত সাংসদ ৰিপুন বৰাই কয়, ‘’ৰাজ্যসভাৰ উপাধ্যক্ষ হিচাপে নহয়, সহকৰ্মা হিচাপে আমাৰ সৈতে দেখা কৰিবলৈ আহিছিল হৰিবংশ ডাঙৰীয়া। আমাৰ বাবে চাহ আৰু স্নেকছো লৈ আনিছিল। নিলম্বনৰ বিৰুদ্ধে সোমবাৰে আমি ধৰ্ণা- প্ৰতিবাদ আৰম্ভ কৰি গোটেই নিশা কটাইছিলো।‘’