NORTHEAST NOW (Assamese)

নামভৰ্তিৰ বাবে সাজু RSS-ৰ সৈনিক স্কুল; নিৰ্মাণ আৰু পৰিকল্পনা সম্পূৰ্ণ

January 27, 2020 5:00 pm · এন ই নাও নিউজ
Updated: January 27, 2020 5:01 pm
প্ৰতিনিধিত্বমূলক ছবি।

বিজেপিৰ আধাৰ সংগঠন আৰ এছ এছে দেশত এপ্ৰিলৰ পৰা ইয়াৰ প্ৰথমখন সৈনিক বিদ্যায়লত শিক্ষাৰ্থীৰ নামভৰ্তি আৰম্ভ কৰিব।

উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাত স্থাপিত এই বিদ্যালয়খন আৰ এছ এছৰ প্ৰাক্তন মুৰব্বী ৰাজেন্দ্ৰ সিং ওৰফে ৰাজ্জু ভাইয়াৰ নামেৰে নামকৰণ কৰা হৈছে।

বিদ্যালয়খনক ৰাজ্জু ভাইয়া সৈনিক বিদ্যা মন্দিৰ (আৰ বি এছ ভি এম) নামেৰে জনা যাব।

এটা সূত্ৰৰ আঁত ধৰি ইকনমিক টাইমছে কয় যে ইয়াৰ আন্তঃগাঁথনিৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে আৰু প্ৰথম বেচ্চৰ বাবে ষষ্ঠ শ্ৰেণীত ১৬০জন শিক্ষাৰ্থীক নামভৰ্তি কৰিবলৈ আৱেদন বিচৰা হৈছে। বিদ্যালয়খন সম্পূৰ্ণ আৱাসিক বিদ্যালয় হ’ব।

“আমি এন ডি এ, নৌসেনা একাডেমি আৰু ভাৰতীয় সেনাৰ 10+2-ৰ কাৰিকৰী পৰীক্ষাৰ বাবে শিক্ষাৰ্থী প্ৰস্তুত কৰিম”, বাতৰি প্ৰতিষ্ঠানটোত আৰ বি এছ ভি এমৰ সঞ্চালক কৰ্নেল শিৱ প্ৰতাপ সিঙৰ উদ্ধৃতি।

সংবাদ প্ৰতিষ্ঠানটোত সঞ্চালকজনৰ উদ্ধৃতিৰে কোৱা হৈছে যে অহা ২৩ ফেব্ৰুৱাৰি পৰ্য্যন্ত পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত থাকিব। মাৰ্চৰ ১ তাৰিখে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব। ঘাইকৈ শিক্ষাৰ্থীৰ যুক্তি সক্ষমতা, সাধাৰণ জ্ঞান, গণিত আৰু ইংৰাজীৰ পৰীক্ষা কৰা হ’ব। লিখিত পৰীক্ষাৰ পিছত এটা স্বাস্থ্য পৰীক্ষাৰো সন্মুখীন হ’ব লাগিব শিক্ষাৰ্থীসকলে।

চি বি এছ ইৰ আৰ্হি অনুসৰণ কৰিব লগীয়া বিদ্যালয়খনত যুদ্ধত নিহত সৈনিকৰ সন্তানৰ বাবে ৮খন আসন সংৰক্ষিত থকাৰ বাদে আন সংৰক্ষণ নীতি মানি চলা নহয়।
মন কৰিব লগীয়া যে সমগ্ৰ দেশতে আৰ এছ এছৰ শিক্ষা গোট “বিদ্যা ভাৰতী”-এ হিন্দুত্ববাদী শিক্ষা পদ্ধতিৰ বিদ্যালয়ৰ নে’টৱৰ্ক স্থাপন কৰিছে। বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে জনাজাত এই বিদ্যালয়বোৰ। অসমত শংকৰদেৱ শিশু/বিদ্যা নিকেতন নামেৰে জনাজাত।

Related News